পশ্চিমবংগত পুনৰ হিংসাৰ জ্বালা: গুলীয়াই হত্যা কৰা হ’ল শুভেন্দু অধিকাৰীৰ সহযোগী চন্দ্ৰনাথ ৰথক

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ আৰম্ভ হৈছে ভয়ংকৰ ৰাজনৈতিক হিংসা। উত্তৰ ২৪ পৰগণা জিলাত যোৱা নিশা বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ অতি ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত চলি থকা সংঘাতৰ চৰম পৰিণতি হিচাপে গেৰুৱা দলে এই ঘটনাক এক পৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি কালি নিশা প্ৰায় ১০:৩০ বজাত ঘৰলৈ উভতি অহাৰ সময়তে মধ্যমগ্ৰামৰ দহৰিয়াত চন্দ্ৰনাথ ৰথৰ ওপৰত এই আক্ৰমণ চলে। মটৰ চাইকেলত অহা এটা দুৰ্বৃত্তৰ দলে তেওঁৰ বাহনখন আগভেটি ধৰি অতি ওচৰৰ পৰা গুলীচালনা কৰি পলায়ন কৰে। এই ঘটনাত গুৰুতৰভাৱে আহত চন্দ্ৰনাথক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আনহাতে গুলীচালনাত আহত হোৱা বাহনখনৰ চালক বুদ্ধদেৱ বেৰা এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধিনাথ গুপ্তাই জনোৱা মতে ঘটনাস্থলীৰ পৰা খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে আক্ৰমণত ব্যৱহাৰ কৰা এখন সৰু গাড়ীও জব্দ কৰা হৈছে।

এই নৃশংস হত্যাকাণ্ডৰ পাছতেই বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক তীব্ৰ সমালোচনা কৰে। চিকিৎসালয়ত উপস্থিত হৈ তেওঁ কয়, “এইটো এক শীতল মস্তিষ্কৰ হত্যাকাণ্ড আৰু আক্ৰমণকাৰীসকলে পূৰ্বৰে পৰা ৰথৰ ওপৰত নজৰ ৰাখিছিল। সমগ্ৰ ৰাজ্যতে এতিয়া মহাজংঘল ৰাজ চলিছে আৰু নিৰ্বাচনৰ পাছত বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে”। তেওঁ লগতে কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও তেওঁ আলোচনা কৰিছে। আনহাতে তৃণমূল কংগ্ৰেছে এই ঘটনাক গৰিহণা দি সমগ্ৰ বিষয়টোৰ চিবিআই তদন্তৰ দাবী জনাইছে।

বৰ্তমান ঘটনাস্থলী আৰু চিকিৎসালয়ৰ চৌপাশে উত্তজনাৰ পৰিপ্ৰেক্ষিতত বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে। ফৰেনচিক বিশেষজ্ঞৰ দলে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীৰ সন্ধান চলাই থকাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে। প্ৰাথমিক তথ্য অনুসৰি আক্ৰমণত অতি উন্নতমানৰ পিষ্টল ব্যৱহাৰ কৰা হৈছিল, যিয়ে পেছাদাৰী হত্যাকাৰীৰ জড়িত থকাৰ ইংগিত বহন কৰিছে। এই ঘটনাই নিৰ্বাচনৰ পাছত পশ্চিমবংগৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশক অধিক উত্তপ্ত কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *