মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত পাণ্ডু – মালিগাওঁ আৰু আদাবাৰী অঞ্চলত নিশা বিজেপিৰ বিশাল বিজয় সমদল

জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিজয়ী হৈ বিৰল গৌৰব অৰ্জন কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজয়ত সমষ্টিটোৰ দলীয় কৰ্মী, কাৰ্যকৰ্তা – সমৰ্থকৰ মাজত ব্যাপক উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি সন্ধিয়াৰ পৰা নিশালৈ বিজেপিৰ জালুকবাৰী মণ্ডল কমিটীৰ উদ্যোগত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত আদাবাৰীৰ পৰা মালিগাওঁ হৈ বৃহত্তৰ পাণ্ডু অঞ্চলত এক বিশাল বিজয় সমদল উলিওৱা হয়। সন্ধিয়া ৬ বজাত পাণ্ডুৰ লকো কলনীত থকা জালুকবাৰী মণ্ডল কমিটীৰ কাৰ্যালয়ৰ সমীপত থকা পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত চাৰি হাজাৰৰো অধিক বিজেপিৰ কৰ্মী – সমৰ্থক মিলিত হয়। তাৰ পাছত মণ্ডল কমিটীৰ সভাপতি পিয়াল শঙ্কৰ দে, উপদেষ্টা দ্বিজেন লহকৰ, গুৱাহাটী পৌৰ নিগমৰ পাণ্ডু – মালিগাওঁ অঞ্চলৰ চাৰিজন পাৰিষদ ক্ৰমে – কল্লোল চক্ৰৱৰ্তী , অজয় চক্ৰৱৰ্তী , সঞ্জয় দাস আৰু সুধান্য মালাকাৰ , বিজেপি দলৰ আটাইকেইটা মৰ্চাৰ সভাপতি সকলৰ নেতৃত্বত লকো কলনীৰ পৰা আদাবাৰী তিনিআলি, মালিগাওঁ চাৰিআলি , পাণ্ডু বৰবজাৰ , পাণ্ডু ৰেলৱে বজাৰ হৈ মণ্ডল কমিটীৰ কাৰ্যালয়ৰ সমীপলৈ বিজয় সমদল উলিওৱা হয় । বিজয় সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে বিজেপি দলৰ পতাকা লৈ বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। সমদলৰ অন্তত সংবাদ মাধ্যমৰে সৈতে হোৱা বাৰ্তালাপত মণ্ডল কমিটীৰ সভাপতি পিয়াল শঙ্কৰ দে, দ্বিজেন লহকৰকে ধৰি কৰ্মকৰ্তাসকলে কয় যে অসমত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এন ডি এই মিত্ৰজোটক উন্নয়নৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী, মূল সুঁতিৰ অসমীয়া আৰু ভাৰতীয় সকলোৱে হিয়া উজাৰি ভোটদান কৰিছে। যাৰ বাবে বিজেপি দলে ৮২ খন আসন লাভ কৰাৰ লগতে সামূহিক ভাবে মিত্ৰজোটে ১০২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিছো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত অসমে আৰু প্ৰগতিৰ বাটত খোজ পেলাব আৰু সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন ৰোধ কৰি মূল সুঁতিৰ অসমীয়া আৰু ভাৰতীয় সকলক সুৰক্ষা দিবলৈ সক্ষম হব। উল্লেখ্য যে সমদল উলিওৱাৰ সময়ত আটাইকেইটা পথতে ব্যাপক যান-জটৰ সৃষ্টি হয় যদিও জালুকবাৰী থানাৰ যান-বাহন শাখাৰ আৰক্ষীয়ে বহুত কষ্ট কৰি যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *