ৰাজ্যত নতুন চৰকাৰ গঠনৰ তৎপৰতাৰ মাজতে আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এইবাৰৰ নিৰ্বাচনত ১০ খন আসনত জয়লাভ কৰি দলটোৱে পুনৰ এন ডি এ চৰকাৰৰ অংশ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। বিধায়িনী দলৰ এই বৈঠকতে দলৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰাক সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সংবাদ মাধ্যমক জনোৱা মতে কেশৱ মহন্তক উপ-দলপতি, তপন দাসক সচিব আৰু ধৰ্মেশ্বৰ ৰয়ক মুখ্য সচেতকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
অগপৰ বিধায়িনী দলৰ বৈঠকত পৰৱৰ্তী চৰকাৰৰ নেতৃত্বৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰে। দলৰ আটাইকেইগৰাকী বিধায়কে যোৱা পাঁচ বছৰত ৰাজ্যৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ বাবে সমৰ্থন জনায়। সংবাদ মাধ্যমক সম্বোধন কৰি অতুল বৰাই কয়, “আমাৰ বিধায়কসকলে অসমৰ উন্নয়ন আৰু খিলঞ্জীয়া জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে একগোট হৈ কাম কৰিবলৈ সংকল্পবদ্ধ হৈছে।’’ নিৰ্বাচনত জয়ী হোৱা নতুন তথা পুৰণি আটাইকেইগৰাকী বিধায়কৰ উপস্থিতিত এই বৈঠকত বিকাশৰ জোৱাৰ তোলাৰ সংকল্প গ্ৰহণ কৰা হয়।
এই বৈঠকৰ পাছতেই মিত্ৰতাৰ বন্ধন কটকটীয়া কৰিবলৈ বিজেপিৰ এটি সঁজাতী দল অগপৰ কাৰ্যালয়ত উপস্থিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত অহা দলটোত সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, জয়ন্ত মল্লবৰুৱা আৰু কুইন ওজাৰ দৰে জ্যেষ্ঠ নেতাসকল অন্তৰ্ভুক্ত আছিল। অগপৰ তৰফৰ পৰা বিজেপিৰ নেতাসকলক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ পাছত দল দুটাই সংবাদ মাধ্যমৰ আগত ভৱিষ্যতৰ কৰ্মপন্থাৰ বিষয়ে আলোকপাত কৰে। মিত্ৰজোঁটৰ এই সক্ৰিয়তাই এতিয়া ৰাজ্যৰ ৰাজনীতিত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে।
