অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতিৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ বাবেও অনুমতি গ্ৰহণ কৰে। সাংবিধানিক বিধি অনুসৰি নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ নকৰা পৰ্যন্ত ড০ শৰ্মা ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিব।
ইফালে গুৱাহাটীত কাইলৈ এন ডি এৰ সকলো বিজয়ী প্ৰাৰ্থীক উপস্থিত থাকিবলৈ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিছে। কেন্দ্ৰীয় পৰ্যৱেক্ষক জে পি নাড্ডা আৰু নাইব সিং ছাইনীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত নতুন চৰকাৰৰ নেতা নিৰ্বাচন কৰা হ’ব। এক বিশেষ সূত্ৰৰ মতে, অহা ১১ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ সন্মতিৰ পাছতহে এই তাৰিখ চূড়ান্ত কৰা হ’ব। চৰকাৰ গঠনৰ পাছতেই বিধানসভাৰ বিশেষ অধিবেশনত নতুন বিধায়কসকলে শপত গ্ৰহণ কৰিব।
নিৰ্বাচনী ফলাফল অনুসৰি এইবাৰ অসমত এন ডি এয়ে এক ঐতিহাসিক জনাদেশ লাভ কৰে। মিত্ৰজোঁটৰ প্ৰধান দল বিজেপিয়ে ৮২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপ আৰু বি পি এফে ১০ খনকৈ আসন দখল কৰিছে। আনহাতে বিৰোধী শিবিৰত কংগ্ৰেছে মাত্ৰ ১৯ খন আসন লাভ কৰিবলৈহে সক্ষম হয়। ৰাইজৰ দল আৰু এ আই ইউ ডি এফে দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে মাত্ৰ এখন আসনত বিজয় সাব্যস্ত কৰে। বিৰোধী দলৰ এনে শোচনীয় পৰাজয়ৰ পাছত বিধানসভাত বিৰোধী দলপতিৰ ভূমিকা কোনে ল’ব, তাক লৈও এতিয়া চৰ্চা আৰম্ভ হৈছে।
