উজনি অসমৰ জিলাসমূহত নিষিদ্ধ ঘোষিত সংগঠনৰ সঘন তৎপৰতাই এতিয়াও সাধাৰণ ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰক্ষীয়ে আজি ডিমৌৰ পালেঙিত অভিযান চলাই আলফা (স্বা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত কেডাৰজনৰ পৰা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বীৰেণ চেতিয়া ওৰফে ৰন্টু অসম নামৰ সদস্যজনৰ জিম্মাৰ পৰা ৮টা হেণ্ড গ্ৰেনেড আৰু এটা পিষ্টল জব্দ কৰা হয়।
জিলাখনৰ আৰক্ষী অধীক্ষক পাপৰী চেতিয়াই সংবাদ মাধ্যমক জনোৱা মতে এক বিশেষ খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। সংগঠনটোৰ কেডাৰজনে মাৰণাস্ত্ৰসমূহ কোনো এজন ব্যক্তিক হস্তান্তৰ কৰিবলৈ পালেঙীলৈ অহাৰ কথা বিষয়াগৰাকীয়ে সদৰী কৰে। ধৃত সদস্যজনৰ পৰা নগদ ১৩,৫০০ টকা আৰু কেইবাখনো আপত্তিজনক নথিপত্ৰও আৰক্ষীয়ে উদ্ধাৰ কৰে।
আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ৰন্টু অসম আছিল ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত এজন দুৰ্ধৰ্ষ সদস্য। বৰ্তমান ডিমৌ থানাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাই থকা হৈছে। এই বিস্ফোৰকসমূহ কাৰ ওচৰলৈ নিয়া হৈছিল, সেই বিষয়ে এতিয়াও আৰক্ষীয়ে অনুসন্ধান চলাই আছে।
