অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰণত পৰিল নতুন প্ৰজন্মৰ দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী আৰু ড° জ্ঞানশ্ৰী বৰা। মধ্য গুৱাহাটী আৰু মৰিয়নী সমষ্টিত পৰিবৰ্তনৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা এই দুই যুৱ নেত্ৰী অভিজ্ঞ ৰাজনীতিবিদৰ হাতত আজি ধৰাশায়ী হয়। ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে যি আধুনিক শৈলীৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সেয়া ভোটবাকচত সফলতালৈ ৰূপান্তৰিত নহ’ল।
মধ্য গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই ৮৪,৭৭৫ টা ভোট লাভ কৰি নিজৰ জয় নিশ্চিত কৰে। তেওঁৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হোৱা কুংকী চৌধুৰীয় মাত্ৰ ৩২,৪৮৪ টা ভোটত থমকি ৰবলগীয়া হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী গুপ্তাই ৫২,২৯১ টা ভোটৰ বিশাল ব্যৱধানত কুংকীক পৰাস্ত কৰি সমষ্টিটোত গেৰুৱা পতাকা উৰুৱায়।
একেদৰে মৰিয়নী সমষ্টিতো বিজেপিৰ হেভিৱেট প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে জ্ঞানশ্ৰী বৰাক পৰাজিত কৰি পুনৰ বিধানসভালৈ যোৱাৰ পথ প্ৰশস্ত কৰিছে। ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই ৩৮,২৮৫ টা ভোট লাভ কৰি যুঁজ দিছিল যদিও কুৰ্মীয়ে ৪৭,৭৭৬ টা ভোট পাই নিজৰ আধিপত্য বজাই ৰাখে। প্ৰায় ৯,৪৯১ টা ভোটৰ ব্যৱধানত জ্ঞানশ্ৰী বৰা এই হাইভোল্টেজ যুঁজখনত পিছ পৰি ৰয়।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৰাজ্যৰ ভোটাৰসকলে নৱাগততকৈ ৰাজনীতিৰ পুৰণি খেলুৱৈৰ ওপৰতহে এইবাৰ অধিক আস্থা প্ৰদৰ্শন কৰিছে। যদিও নিৰ্বাচনী প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত এই দুই যুৱ প্ৰাৰ্থীয়ে ব্যাপক চৰ্চা লাভ কৰিছিল, কিন্তু বাস্তৱিক নিৰ্বাচনী অংকত সেয়া ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। জেন-জিৰ প্ৰতিনিধি হিচাপে কুংকী আৰু জ্ঞানশ্ৰীৰ এই পৰাজয়ে এতিয়া নতুন প্ৰজন্মৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এক চৰ্চাৰ সৃষ্টি কৰিছে।
