অসম নিৰ্বাচন: ধেমাজিত ডাঃ ৰণোজ পেগুৰ বৃহৎ জয়, গেৰুৱাময় সমগ্ৰ ৰাজ্য

অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ অন্তিম পৰ্যায়ত ধেমাজি সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে এক অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰে। ১৭ টা ৰাউণ্ডৰ গণনাৰ অন্তত ডাঃ পেগুৱে মুঠ ৮৩,৬৪৯ টা ভোট লাভ কৰি বিপক্ষৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোণোৱালক ৩২,২২৯ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে যদিও প্ৰাপ্ত তথ্যই ডাঃ ৰণোজ পেগুৰ জয় নিশ্চিত কৰিছে।

ধেমাজিৰ এই ফলাফলে জিলাখনত বিজেপিৰ স্থিতি পুনৰবাৰ সুদৃঢ় কৰাটোকে প্ৰমাণ কৰে। সমষ্টিটোৰ ভোট গণনা কেন্দ্ৰৰ পৰা অহা বাতৰি অনুসৰি ডাঃ পেগুৱে প্ৰথম ৰাউণ্ডৰ পৰাই বিৰোধী প্ৰাৰ্থীতকৈ যথেষ্ট অগ্ৰগতি লাভ কৰি আহিছিল। এই জয়ৰ পাছতে এতিয়া সমষ্টিটোৰ লগতে সমগ্ৰ ৰাজ্যৰে বিজেপি কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখা গৈছে।

ইফালে যোৰহাট সমষ্টিতো বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰনাথ গোস্বামীয়ে জয়ৰ দিশে অগ্ৰসৰ হৈছে। শেহতীয়া তথ্য অনুসৰি তেওঁ ১৯,৬১৯ টা ভোটৰ ব্যৱধানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পিছ পেলাই থৈছে। ৰাজ্যৰ ১২৬ খন আসনৰ ভিতৰত ইতিমধ্যে ৯৯ খনতকৈও অধিক সমষ্টিত এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি দিছপুৰত পুনৰ চৰকাৰ গঠনৰ দিশে খোজ পেলাইছে।

বিৰোধী পক্ষৰ বাবে বৰ্তমানৰ নিৰ্বাচনী ধাৰা যথেষ্ট উদ্বেগজনক হৈ পৰিছে। চৰকাৰ গঠনৰ আশাবাদী কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চ মাত্ৰ ২৬ খন আসনতহে বৰ্তমান আবদ্ধ হৈ আছে। ধেমাজিত ডাঃ ৰণোজ পেগুৰ এই নিৰংকুশ বিজয়ে এতিয়া গেৰুৱা বাহিনীৰ হেট্ৰিক নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিয়লিৰ ভিতৰত সকলো সমষ্টিৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *