সেনা-প’ৰ্টাৰ ঐক্যৰ দৃষ্টান্ত: মেঞ্চুকা উপত্যকাত মে’ দিৱসত সন্মান অনুষ্ঠান

দেশৰ সুৰক্ষা কৱচ শক্তিশালী কৰাৰ ক্ষেত্ৰত অতি দুৰ্গম পৰ্বতৰ শিখৰত অহৰহ সেৱা আগবঢ়াই অহা প’ৰ্টাৰসকলক ১ মে’ত ভাৰতীয় সেনাই বিশেষ সন্মান যাচে। অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ ফৰৱাৰ্ড লোকেশ্যন মেঞ্চুকা উপত্যকাত স্পিয়েৰহাইড ডিভিজনে শ্ৰম দিৱস উপলক্ষে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডত সেনাক নিৰন্তৰ সাহসেৰে লজিষ্টিক সহায় আগবঢ়াই অহা এই শ্ৰমিকসকলৰ ত্যাগ আৰু নিষ্ঠাক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে সেনাই।

এই উপলক্ষে আয়োজিত চাহ মেল আৰু মত-বিনিময় অনুষ্ঠানত ৫০ জনতকৈ অধিক প’ৰ্টাৰে অংশগ্ৰহণ কৰে। অতি দূৰৱৰ্তী আৰু দুৰ্গম সীমান্ত অঞ্চললৈ অত্যাৱশ্যকীয় সামগ্ৰী তথা ৰচদ যোগান ধৰাত এই প’ৰ্টাৰসকলে এক নিৰ্ভৰযোগ্য মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। সেনাই এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পাৰস্পৰিক বিশ্বাস আৰু সম্পৰ্ক অধিক সুদৃঢ় কৰে।

প্ৰতিকূল বতৰ আৰু দুৰূহ ভৌগোলিক অৱস্থানত প’ৰ্টাৰসকলৰ অৱদান দেশৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে এক অপৰিহাৰ্য অংগ বুলিও সেনাৰ তৰফৰ পৰা উল্লেখ কৰা হয়। তেওঁলোকৰ এই নীৰৱ সেৱা সাহস আৰু দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন। অপাৰেচন সদভাৱনাৰ জৰিয়তে গ্ৰহণ কৰা এনে পদক্ষেপে সীমান্তৰ জনসাধাৰণ আৰু ভাৰতীয় সেনাৰ মাজত থকা সুগভীৰ সম্পৰ্কক পুনৰবাৰ প্ৰমাণ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *