ইভিএমৰ বিজেপিৰ বুটামৰ ওপৰত টেপ লগোৱাৰ অভিযোগ! ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পশ্চিমবংগ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে পোহৰলৈ অহা এক গুৰুতৰ অনিয়মে এতিয়া উত্তপ্ত কৰি তুলিছে ৰাজ্যখনৰ ৰাজনীতি। ইভিএম মেচিনত বিজেপি প্ৰাৰ্থীৰ বুটাম টেপেৰে অৱৰুদ্ধ কৰাৰ অভিযোগে ডায়মণ্ড হাৰবাৰৰ ফাল্টা সমষ্টিত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। এই ঘটনাৰ পাছতে সৰৱ হৈ পৰা নিৰ্বাচন আয়োগে ঘোষণা কৰে যে যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰত এনে কাৰিকৰী অনিয়মৰ প্ৰমাণ পোৱা যাব, সেইবোৰ বুথত আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব।

বিজেপি নেতা অমিত মালব্যই ফাল্টাৰ হৰিণডাঙ্গা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১৭০ নং আৰু ১৮৯ নং বুথত বিজেপিৰ বিকল্পটো টেপেৰে ঢাকি দিয়াৰ অভিযোগ উত্থাপন কৰে। এই কাৰ্য্যক ‘ডায়মণ্ড হাৰবাৰ মডেল’ বুলি অভিহিত কৰি মালব্যই কয়, “তৃণমূল কংগ্ৰেছে অপৰাধী চক্ৰৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে ভোটদান প্ৰক্ৰিয়াটো স্তব্ধ কৰিছে।” তেওঁৰ মতে, মমতা বেনাৰ্জীৰ ভাতৃপুত্ৰ অভিষেক বেনাৰ্জীৰ লোকসভা সমষ্টিটোত একেই আৰ্হিৰে নিৰ্বাচন প্ৰক্ৰিয়াটোক আগতেও প্ৰভাৱিত কৰা হৈছিল।

ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ এই অভিযোগ নস্যাৎ কৰি ওলোটাই কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ বিৰুদ্ধেহে গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ আগত মমতাই কয়, “বিজেপিয়ে চিআৰপিএফ আৰু বহিৰাগত পৰ্যবেক্ষক ব্যৱহাৰ কৰি স্থানীয় ভোটাৰক ভয় দেখুৱাইছে।” তেওঁ লগতে নিৰাপত্তাৰক্ষীৰ উপস্থিতিক একপ্ৰকাৰৰ ‘সন্ত্ৰাস’ বুলি অভিহিত কৰি আৰক্ষী বা সেনাই নহয়, কেৱল ভোটাৰেহে নিজৰ পছন্দৰ ভোটদান কৰা উচিত বুলি মন্তব্য কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *