আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ বাংলাদেশৰ ৰুবেল হোছেইনৰ

বাংলাদেশৰ জ্যেষ্ঠ বেগী বলাৰ ৰুবেল হোছেইনে অলপতে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ৩৬ বছৰীয়া বলাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। ৰুবেলে বাংলাদেশক কেৰিয়াৰত কেইবাটাও ঐতিহাসিক জয়ৰ নেতৃত্ব দিছিল, য’ত আটাইতকৈ স্মৰণীয় জয় আছিল ২০১৫ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ। অৱশ্যে তেওঁ ঘৰুৱা ক্ৰিকেট খেলি থাকিব বুলি স্পষ্ট কৰি দিয়ে।

ৰুবেলে নিজৰ পোষ্টত লিখিছে-মই বেগী বলাৰ ৰুবেল হোছেইন। মই বাংলাদেশৰ হৈ ২৭ খন টেষ্ট, ১০৪ খন এদিনীয়া, আৰু ২৮ খন টি-২০ খেলিছো। ৰাষ্ট্ৰীয় দলটো মোৰ আবেগ, কিন্তু এটা সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিত্যাগ কৰিবলগীয়া হৈছে। সেই কথা মনত ৰাখি মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিছো। ঘৰুৱা ক্ৰিকেটত মোৰ যাত্ৰা অব্যাহত থাকিব। ৰুবেলৰ আটাইতকৈ উৎকৃষ্ট প্ৰদৰ্শন আছিল এদিনীয়া ফৰ্মেটত।

মাত্ৰ ছাকিব আল হাছান (৩১৭), মাছৰাফে মৰ্তাজা (২৬৯), আব্দুৰ ৰাজাক (২০৭), আৰু মুস্তাফিজুৰ ৰহমান (১৮২)ৰ পিছতে ১০৪খন এদিনীয়াত ১২৯টা উইকেটৰে বাংলাদেশৰ পঞ্চম সফল বলাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। ২০১৩ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ২৬ ৰানত ৬ টা উইকেট সংগ্ৰহ কৰিছিল, য’ত এটা হেট্ৰিকো আছিল। এদিনীয়া অভিষেকত চাৰিটা উইকেট দখল কৰা প্ৰথমজন বাংলাদেশী বলাৰ হিচাপে পৰিগণিত হয় ৰুবেল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *