অন্ধ্ৰপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা; কৰ্ণাটকৰ ৮ তীৰ্থযাত্ৰীৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কৰ্ণাটকৰ আঠগৰাকী তীৰ্থযাত্ৰীয়ে। এখন যাত্ৰীবাহী পিক-আপ ভান আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। মৃতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা আৰু এটি তিনি বছৰীয়া শিশুও আছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দুৰ্ঘটনাটোত আন নজন লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰা হৈছে।

মৃত তীৰ্থযাত্ৰীসকল কৰ্ণাটকৰ চিকমাগালুৰু জিলাৰ উদায়ী গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে। মন্ত্ৰালয়ৰ শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মন্দিৰ অভিমুখে গৈ থকা পিক-আপ ভানখনে ১৬৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাকালডোনা গাঁৱৰ সমীপত এখন কংক্ৰিট মিক্সাৰ ট্ৰাকক খুন্দা মাৰে। দুৰ্ঘটনাটোৰ সময়ত বাহনখনত মুঠ ২১ জন যাত্ৰী আছিল। সংঘৰ্ষৰ ফলত পাঁচজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, পিক-আপ বাহনখনৰ চালকজনে চলন্ত অৱস্থাত টোপনি যোৱাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। টোপনিৰ জালত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাউডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনক খুন্দা মাৰে। পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত এই দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *