সামান্য সকাহ! পৱন খেড়াক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন তেলেংগানা উচ্চ ন্যায়ালয়ৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত আজি তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই। ন্যায়ালয়ে খেড়াক এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। ন্যায়াধীশ কে সুজনাই আজি এই ৰায়দান কৰি জনায় যে আবেদনকাৰীক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এসপ্তাহৰ সময় দিয়া হৈছে।

উক্ত শুনানিৰ সময়ত খেড়াৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে যুক্তি দৰ্শায় যে এয়া কেৱল এক মানহানিৰ গোচৰহে। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে খেড়াক হাৰাশাস্তি কৰিবলৈকে আৰক্ষীক ব্যৱহাৰ কৰা হৈছে বুলিও তেওঁ আদালতত মন্তব্য কৰে। সিংভীৰ মতে, এজন ৰাজনৈতিক বিৰোধীক নিমাত কৰিবলৈ আইনৰ অপব্যৱহাৰ কৰি এনেদৰে গ্ৰেপ্তাৰৰ ভাবুকি দিয়াটো অনুচিত।

ইফালে, অসম আৰক্ষীৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই এই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। শইকীয়াই যুক্তি দিয়ে যে দিল্লীৰ বাসিন্দা খেড়াই অসম বা দিল্লীৰ আদালতৰ পৰিৱৰ্তে হায়দৰাবাদত কিয় জামিনৰ আবেদন কৰিছে, তাৰ কোনো সঠিক কাৰণ নাই। পৱন খেড়াই আৰক্ষীৰ পৰা বাচিবলৈহে হায়দৰাবাদলৈ পলাই আহিছে বুলিও শইকীয়াই আদালতত দাবী কৰে। অৱশ্যে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আদালতে খেড়াক চৰ্তসাপেক্ষে এসপ্তাহৰ বাবে সুৰক্ষা প্ৰদান কৰে।

উল্লেখ্য যে পৱন খেড়াই এক সংবাদমেলত ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কৰা কিছু মন্তব্যক কেন্দ্ৰ কৰিয়েই এই আইনী যুঁজৰ আৰম্ভণি হৈছিল। খেড়াৰ পত্নী হায়দৰাবাদৰ বাসিন্দা হোৱাৰ সূত্ৰে তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বৰ্তমান ন্যায়ালয়ে দিয়া এই এসপ্তাহৰ সময়ছোৱাত তেওঁ সংশ্লিষ্ট আদালতত আগতীয়া জামিনৰ বাবে পুনৰ আবেদন কৰিব লাগিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *