নগদ ধন উদ্ধাৰ বিতৰ্ক: মহাভিযোগৰ মাজতে পদত্যাগ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ

বাসগৃহত জ্বলি যোৱা নগদ ধন উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে আজি পদত্যাগ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাই। মহাভিযোগৰ দৰে গুৰুতৰ আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হোৱা ন্যায়াধীশগৰাকীয়ে কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰে নিজৰ পদত্যাগ পত্ৰ। ভ্ৰষ্টাচাৰৰ অভিযোগক লৈ দীৰ্ঘদিন ধৰি চলা বিতৰ্কৰ মাজতে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া দেশৰ আইনী মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰপতিলৈ লিখা পত্ৰখনত ন্যায়াধীশ যশৱন্ত বাৰ্মাই কয়, “মই গভীৰ দুখেৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদৰ পৰা পদত্যাগ কৰিছোঁ। এই পদত কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক সন্মানৰ বিষয় আছিল।” অৱশ্যে পদত্যাগৰ কোনো নিৰ্দিষ্ট কাৰণ তেওঁ পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা নাই।

উল্লেখ্য যে যোৱা বছৰৰ ১৪ মাৰ্চত নতুন দিল্লীস্থিত চৰকাৰী বাসগৃহত জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল নগদ ধনৰ বাণ্ডিল। এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তোলাৰ পাছতেই তেওঁক দিল্লীৰ পৰা এলাহাবাদলৈ বদলি কৰা হৈছিল। ভ্ৰষ্টাচাৰৰ অভিযোগত মহাভিযোগৰ সন্মুখীন হোৱা ন্যায়াধীশ বাৰ্মাৰ এই আকস্মিক পদত্যাগে এতিয়া সমগ্ৰ বিষয়টোত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *