পৰীক্ষাত অৰ্জন কৰিছিল অভূতপূৰ্ব সাফল্য। কিন্তু এই সাফল্য নিজে উদযাপন কৰাৰ পূৰ্বেই মৃত্যুৰ কোলাত শুই পৰিল এগৰাকী মেধাৱী ছাত্ৰী। ৰাজস্থান মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ মাত্ৰ ১০ দিন পূৰ্বে মৃত্যুক সাৱটি লয় এগৰাকী মেধাৱী ছাত্ৰীয়ে। শ্ৰীগংগানগৰ জিলাৰ ৰাওলা তহচিলৰ নিকিতা নামৰ ছাত্ৰীগৰাকীয়ে লাভ কৰে ৯৩.৮৮ শতাংশ নম্বৰ। তেওঁৰ এই অভূতপূৰ্ব সাফল্য এতিয়া পৰিয়ালটোৰ বাবে কেৱল চকুলোৰ কাৰণ হৈ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাওলা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল নিকিতা। অত্যন্ত মেধাৱী ছাত্ৰীগৰাকীয়ে হেপাটাইটিছ আৰু ডায়বেটিছৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। শাৰীৰিক অসুস্থতা নেওচি তেওঁ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু নিজৰ দৃঢ়তাৰ প্ৰমাণ দিয়ে। যোৱা ২০ মাৰ্চত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃৰ বাবে নিকিতাৰ এই ফলাফল আশাৰ ৰেঙণি আছিল যদিও আজি সেই সফলতা উদযাপন কৰিবলৈ তেওঁলোকৰ মাজত নিকিতা নাই।
ৰাজস্থানত এইবাৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত ৮.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত প্ৰায় ৬ লাখ কলা শাখাৰ আৰু ২.৩ লাখ বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী আছিল। বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ৩০ হাজাৰৰো অধিক শিক্ষাৰ্থী। ১২ ফেব্ৰুৱাৰীৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই পৰীক্ষাত তিনিওটা শাখাতে ছাত্ৰীসকলে ছাত্ৰতকৈ উন্নত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।
পৰিসংখ্যাই কয় যে বিজ্ঞান শাখাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৬.৪২ শতাংশ আৰু ছাত্ৰৰ ৯২.৬৪ শতাংশ। বাণিজ্য শাখাত ৯৯.৫১ শতাংশ ছাত্ৰী আৰু ৯৮.৬৬ শতাংশ ছাত্ৰ উত্তীৰ্ণ হয়। একেদৰে কলা শাখাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৮.৯৫ শতাংশ হোৱাৰ বিপৰীতে ৯৫.৮০ শতাংশ ছাত্ৰই সফলতা লাভ কৰিছে। ৰাজ্যিক ব’ৰ্ডৰ ৱেবছাইটত এই ফলাফলসমূহ আনুষ্ঠানিকভাৱে উপলব্ধ কৰা হৈছে। জীৱনৰ অনিশ্চয়তাৰ মাজতো নিকিতাৰ এই সংগ্ৰাম আৰু সাফল্য এক অনন্য নিদৰ্শন হৈ ৰৈ যাব।
