কংগ্ৰেছৰ প্ৰাসংগিকতাক লৈ মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ; নিৰ্বাচনী যুঁজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ জোৱাৰ

অসমত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক আকাশত এতিয়া অভিযোগ আৰু প্ৰত্যাভিযোগৰ ধুমুহা বলিছে। মঙলবাৰে এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছ দলক লক্ষ্য কৰি তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে। ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছৰ কোনো শক্তি নাই বুলি দাবী কৰি তেওঁ দেশৰ বাহিৰতহে কংগ্ৰেছে চৰকাৰ গঠনৰ সপোন দেখা উচিত বুলি মন্তব্য কৰে।

নিৰ্বাচনী জনসভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয়, “কংগ্ৰেছলৈ যাব কোনে? ভাৰতত কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে। তেওঁলোকে পাকিস্তান বা বাংলাদেশতহে চৰকাৰ বনাব পাৰিব।” বিগত ৬০ বছৰত কংগ্ৰেছৰ কাম-কাজ ৰাইজে প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ শাসনত অসমৰ পৰিৱৰ্তন হোৱা বুলি দাবী কৰে। তেওঁ কয়, “বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে কোনো থলগিৰি ভাৰতীয় লোকে কংগ্ৰেছক ভোট নিদিয়ে। ৰাজ্যৰ জনসাধাৰণ সম্পূৰ্ণৰূপে বিজেপিৰ লগত আছে।”

অৱশ্যে বিজেপিৰ এই আক্ৰমণক ওলোটাই প্রত্যাহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁৰ মতে, দহ বছৰীয়া বিজেপি শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ জনসাধাৰণৰ মাজত এতিয়া অভূতপূৰ্ব উৎসাহ দেখা গৈছে। বৰ্তমানৰ চৰকাৰখনে কেৱল ভয়ৰ ৰাজনীতি কৰিছে বুলি অভিযোগ তুলি গৌৰৱ গগৈয়ে কয়, “মানুহে পৰিৱৰ্তন বিচাৰিছে। ৰাইজে এতিয়া এক নতুন অসমৰ কল্পনা কৰিছে।”

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *