অট্টালিকা, বিলাসী গাড়ী আৰু অট’ৰিক্সাৰ মালিক হৈও এজন লোকে ৰাজপথত ভিক্ষা খুজি ফুৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰক ভিক্ষাৰীমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এক বিশেষ অভিযানৰ সময়ত প্ৰশাসনে এগৰাকী কুষ্ঠ ৰোগী ভিক্ষাৰীক উদ্ধাৰ কৰে। কিন্তু উদ্ধাৰৰ পাছত লোকজনৰ সম্পত্তিৰ খতিয়ান দেখি আচৰিত হৈ পৰে চৰকাৰী বিষয়াসকল।
তদন্তৰ সময়ত জানিব পৰা মতে, ভিক্ষা খুজি ফুৰা এই লোকজনৰ নামত তিনিটাকৈ পকী ঘৰ, এখন বিলাসী কাৰ আৰু তিনিখনকৈ অট’ৰিক্সা আছে। আনকি তেওঁৰ নামত লাখ লাখ টকাৰ সম্পত্তি থকাৰ পাছতো তেওঁ চহৰখনৰ চাৰাফা অঞ্চলত নিয়মীয়াকৈ ভিক্ষা খোজে। লোকজনে আনকি এজন চালক ৰাখি কাৰত বহি ভিক্ষা খুজিবলৈ যোৱাৰ দৰে তথ্যও প্ৰকাশ পাইছে। তেওঁ দৈনিক ভিক্ষাৰ পৰা ৪০০ ৰ পৰা ৫০০ টকা উপাৰ্জন কৰাৰ লগতে বজাৰত ধাৰে দিয়া টকাৰ সুদ হিচাপেও ১০০০ ৰ পৰা ২০০০ টকা পৰ্যন্ত সংগ্ৰহ কৰে।
প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে, এই লোকজনে পূৰ্বে এজন মিস্ত্ৰী হিচাপে কাম কৰিছিল আৰু সেই সময়তে এই বিশাল সম্পত্তি গঢ়ি তুলিছিল। কিন্তু কুষ্ঠ ৰোগত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ হাত-ভৰিৰ আঙুলি বিকল হৈ পৰে আৰু তেওঁ কাম কৰিব নোৱাৰা হয়। সমাজত সন্মুখীন হোৱা বৈষম্য আৰু পৰিয়ালৰ পৰা আঁতৰি অহাৰ বাবে তেওঁ শেষত ভিক্ষাবৃত্তিৰ পথ বাছি লয়। এই লোকজনৰ উদ্ধাৰৰ পাছত এতিয়া প্ৰশাসনে তেওঁৰ বিৰুদ্ধে যাৱতীয় আইনী পদক্ষেপ গ্ৰহণ কৰিছে।
