মানৱতাৰ এক অত্যন্ত কৰুণ আৰু লজ্জাজনক ঘটনা সংঘটিত হৈছে বেংগালুৰু চহৰত। এগৰাকী ৩৪ বছৰীয়া ব্যক্তিয়ে চিকিৎসালয়লৈ যাবলৈ বাহন বিচাৰি পথৰ দাঁতিত ছটফটাই মৃত্যুক আকোৱালি ল’লে, অথচ স্বামীৰ জীৱনৰ বাবে কাতৰ অনুৰোধ কৰা পত্নীৰ সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো এজন বাটৰুৱা। যোৱা ১৬ ডিচেম্বৰৰ নিশা প্ৰায় ৩:৩০ বজাত বালাজী নগৰৰ মেকানিক ভেংকটৰমণনৰ হঠাত্ বুকুত তীব্ৰ বিষ অনুভৱ হৈছিল।
তেওঁৰ পত্নী ৰূপাই স্বামীক বাইকত উঠাই ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যায়, কিন্তু তাত চিকিৎসক উপলব্ধ নাছিল। আন এখন চিকিৎসালয়লৈ নিয়াৰ পাছত তেওঁক ‘ষ্ট্ৰোক’ হোৱা বুলি কোৱা হয় আৰু তৃতীয় এখন চিকিৎসালয়লৈ যাবলৈ নিৰ্দেশ দিয়া হয়। সেই সংকটৰ সময়ত কোনো এম্বুলেন্সৰ সহায় পোৱা নগ’ল। অৱশেষত উপায়ন্তৰ হৈ ৰূপাই পথৰ ওপৰতে স্বামীক লৈ সহায়ৰ বাবে কাকূতি মিনতি কৰে। চিচিটিভি ফুটেজত দেখা গৈছে যে ৰূপাই বহু গাড়ীক হাত জোকাৰি অনুৰোধ কৰিছে, কিন্তু কোনেও গাড়ী নৰখালে।
বহু সময়ৰ পাছত এজন কেব চালক সহায়ৰ বাবে আগবাঢ়ি আহে আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। শোকত ভাঙি পৰা ৰূপাই কয়, “মানৱতাই মোৰ স্বামীক বচাব নোৱাৰিলে। মই উদ্বাউল হৈ সহায় বিচাৰিলোঁ, কিন্তু কোনেও মোৰ কথা নুশুনিলে।”মৃত ভেংকটৰমণনে ১৮ মহীয়া কন্যা আৰু পাঁচ বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ গৈছে। একমাত্ৰ পুত্ৰক হেৰুৱাই তেওঁৰ বৃদ্ধা মাতৃও বাকৰুদ্ধ হৈ পৰিছে। এই চৰম শোকৰ মাজতো পৰিয়ালটোৱে ভেংকটৰমণনৰ নেত্ৰ দান কৰি অন্য দুগৰাকী ব্যক্তিক পোহৰ দিয়াৰ মহান সিদ্ধান্ত গ্ৰহণ কৰিছে।
