ডক্ৰেশ্বৰ অঞ্চল পৰিদৰ্শন বৰপেটা ‘আছু’ৰ  

75

ডক্ৰেশ্বৰ পাজাৰভাংগাত নৱ নিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী নিগৰি বৃহত্তৰ ভোগেৰপাৰ, ডক্ৰেশ্বৰ আদি খিলঞ্জীয়া ৰাইজৰ বিগত তিনি চাৰিদিন ধৰি টোপনি হৰণ কৰা বিষয়টোৱে সমগ্ৰ বৰপেটা অঞ্চলৰ ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰিছে। মথাউৰিটোৰ পানী নিগৰি অহা অংশখিনি যোৱা দুদিন ধৰি বাহ, বস্তা আদি দি অঞ্চলটোৰ ৰাইজ আৰু বিভাগীয় কতৃপক্ষই মেৰামতিৰ কাম অব্যাহত ৰখাৰ চেষ্টা কৰিছে যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শংকামুক্ত হ’ব পৰা নাই।

লক্ষনীয়ভাৱে মথাউৰিটোৰে পানী নিগৰি চিঙি গ’লে তাৰ পৰা এশ মিটাৰ দূৰত্বৰ ৰজাদিনীয়া ডক্ৰেশ্বৰ দেৱালয়ৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িওৱা পৰিলক্ষিত হোৱা দেখা গৈছে।এনে অৱস্থা প্ৰত্যক্ষ কৰি বুজ ল’বলৈ যায় বৰপেটা জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে । আছু নেতা তথা সভাপতি অৱিনাশ কুমাৰৰ নেতৃত্বত যোৱা সজাতি দলটোৱে আজি মথাউৰোটো পৰিদৰ্শন কৰাৰ উপৰিও বহৰিৰো মথাউৰিটো পৰিদৰ্শন কৰে।পৰিদৰ্শন কৰি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক  শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 পৰিদৰ্শন কৰি জিলা ছাত্ৰ সন্থাৰ দলটোৱে সাংবাদিকক জনোৱা মতে উক্ত মথাউৰিটো বহু বছৰ ধৰি একাংশ ঠিকাদাৰ আৰু অভিযন্তাৰ উপাৰ্জনৰ উৎসহ হিচাপে পৰিণত হৈছে বুলি অঞ্চলটোৰ স্থানীয় তথা ক্ষোভিত ৰাইজে ছাত্ৰ সন্থাৰ দলটোৰ সন্মুখত অভিযোগ কৰে।ছাত্ৰ সন্থাৰ দলটোৱে ইয়াকো জনায় যে ঐতিহাসিক অঞ্চলটোৰ মথাউৰিৰ সমস্যাটো সমস্যা হৈয়ে আছে , বৰং দিন গৈ আছে মানে ই বাঢ়ি গৈহে আছে ।