বিজনীৰ ডাঙাইগাৱত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক

বিজনীৰ ডাঙাইগাৱত ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক ।আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ।চিৰাং জিলাৰ বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাৱত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰী জন মানিকপুৰ থানাৰ অন্তৰ্গত খৰিচালাৰ নিবাসী জাকিৰ হুচেইন (৪০) বুলি জানিব পৰা গৈছে । জাকিৰ হুচেইনে ডাঙাইগাৱত ড্ৰাগত সৰবৰাহ কৰিবৰ বাবে এ এছ ১৫ এফ ৭৯৭১ নম্বৰৰ এখন কলা ৰঙৰ বাজাজ পাল্চাৰ বাইকেৰে আহিছিল । বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ডাঙাইগাৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাপুকন মৰাঙৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকস জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ড্ৰাগছৰ ওজন ৪৩.৪৪ গ্ৰাম । ধৃত সৰবৰাহকাৰীৰ পৰা ড্ৰাগছসহ এটা পাল্চাৰ বাইক, এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । পাছলৈ বিজনী আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীক আটক কৰি বিজনী থানাত লৈ আনি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *