উন্নয়নৰ শ্লোগান গোৱা চৰকাৰৰ ফোপোলা স্বৰূপ
বজালীৰ দেবোপাৰাৰ ৰাইজে উদঙালে প্ৰকৃত ছবি।
বান শিবিৰ পৰিদৰ্শন কৰি দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।
5বছৰে এটা মঠাউৰিৰ কাম কৰি দিব নোৱাৰিলে পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্হানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।
বানপানীৰ সময়তহে পৰিদৰ্শক হিচাপে আহে বিধায়ক তাৰ পিছত কোনো খবৰ নলয় স্হানীয় বিধায়কে।
সততে উন্নয়নৰ শ্লোগান গোৱা মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ সমষ্টিৰতে আজিলৈকে নিৰ্মাণ নহল বানে বিধ্বস্ত কৰা মঠাউৰি । ৰাইজে নিজৰ নিৰাপত্তাৰ বাবে গাঠিৰ ধন ভাঙি সাজি আছে মঠাউৰিৰ কাম ।
খবৰ লবলৈ আহৰি নাই মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ।
হিতাধিকাৰী সৃষ্টি কৰিয়ে দায়িত্ব সামৰিব নেকি এইখন চৰকাৰে ।
বানে বিধ্বস্ত কৰা বজালী ৰাইজৰ লগতো হেতালি খেলিব নেকি এইখন চৰকাৰে
