গোৰেশ্বৰত চালানবিহীন ডাম্পাৰৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান
কেইবাখনো ডাম্পাৰক জৰিমনা ।অৱশেষত সাৰ পালে পৰিবহণ বিভাগে। নিশা পৰিবহণ বিভাগৰ এটা দলে গোৰেশ্বৰত চালানবিহীনভাবে অভাৰলোডিং কৰি শিল,বালি সৰবৰাহ কৰা ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায়। বাক্সা জিলাৰ বগামাটিৰ বৰনদী, পুঠিমাৰী আৰু শুক্লাই নদীৰ পৰা ডাম্পাৰেৰে অভআৰলোডিং কৰি দিনে নিশাই শিল বালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ডাম্পাৰসমূহে এনেদৰে গোৰেশ্বৰ-বাইহাটা চাৰিআলি পথত দৌৰাত্ম্য চলাই অহাৰো অভিযোগ উত্থাপন হোৱাৰ লগতে এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে যোৱা নিশা পৰিবহণ বিভাগৰ দল এটাই গোৰেশ্বৰ চহৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে চালান বিহীন ভাৱে আৰু আভাৰলোডিং কৰি শিল বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰক জৰিমণা বিহে। চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি বাক্সা জিলাৰ পৰিবহণ বিভাগে চলিত মাৰ্চ মাহৰ পৰা বিভিন্ন ঠাইত ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে পৰিবহণ বিভাগৰ এগৰাকী বিষয়াই।
