ধুবুৰীৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহক লৈ খণ্ড উন্নয়ণ বিষয়াৰ ভেকো ভাওনাৰ অভিযোগ দৰিদ্ৰ ৰাইজৰ।আজি প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহকলৈ দৰিদ্ৰ হিতাধিকাৰীয়ে ঘেৰাও কৰিলে মহামায়া উন্নয়ণ খণ্ড কাৰ্য্যালয়ত এক উত্তপ্ত পৰিস্থিতি অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়।উল্লেখ্যযে ধুবুৰী জিলাৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্য্যালয়ৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ ঘৰ সমূহত টকা মোকোলাই নিদিয়াৰ বাবে আজি দৰিদ্ৰ হিতাধিকাৰী সকলে উন্নয়ণ খণ্ড কাৰ্য্যালয় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা পৰিলক্ষিত হয়।প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ ঘৰ সমূহৰ প্ৰথম আৰু দ্বিতীয় কিস্তি মোকোলাই দিয়াৰ পিছত হিতাধিকাৰী সকলোৱে ঘৰৰ কাম কৰাৰ পিছত কাৰোবাৰ দ্বিতীয় কিস্তি আন কাৰোবাৰ তৃতীয় কিস্তিৰ ধন মোকোলাই দিয়া নাই বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে হিতাধিকাৰী সকলে।এতিয়া প্ৰশ্ন হয় কিয় উন্নয়ণ খণ্ড বিষয়াই তৃতীয় কিস্তিৰ ধন মোকোলাই দিয়া নাই?নে কাৰ্য্যালয়ৰ আন কোনো নিম্ন পৰ্যায়ৰ কৰ্মচাৰীৰ কথাত উঠা বহা কৰে বিষয়া জনীয়ে।নে ইয়াৰ আঁৰত কিবা ৰহস্য লুকাই আছে।সেয়াএতিয়া কোটি টকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে।সেয়ে অসম চৰকাৰৰ লগতে ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথে মহামায়া উন্নয়ণ খণ্ড কাৰ্য্যালয়ত চলি থকা ভেকোভাওনা সন্দৰ্ভত এইবাৰ কেনে পদক্ষেপ হাতত লয় সেয়া সময়ত হে লক্ষণীয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *