আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অহা বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা। নিৰ্বাচনী স্ক্ৰীনিং কমিটিৰ অধ্যক্ষৰ দায়িত্বত থকা গান্ধীয়ে ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হৈ দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে এলানি গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব। নিৰ্বাচনী টিকট প্ৰদান আৰু মিত্ৰজোঁটৰ আসন বুজাবুজিৰ ৰণকৌশল নিৰ্ধাৰণৰ ক্ষেত্ৰত এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
নিৰ্ধাৰিত সূচী অনুসৰি, ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১:৩০ বজাত তেওঁ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হ’ব। প্ৰথমে তেওঁ স্ক্ৰীনিং কমিটিৰ বৈঠকত অংশ লোৱাৰ পিছতে এপাচিচিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু পাঁচখন বিশেষ কমিটিৰ অধ্যক্ষসকলৰ সৈতে আলোচনাত বহিব। সেইদিনাই তেওঁ ২১ গৰাকী কংগ্ৰেছ বিধায়ক, ৩৫ গৰাকী জিলা সভাপতি আৰু দলৰ ভাতৃ সংগঠনসমূহৰ মুৰব্বীসকলৰ সৈতে কথা পাতিব।
ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত প্ৰিয়ংকা গান্ধীয়ে ৰাজীৱ ভৱনত এপাচিচিৰ কাৰ্যকৰী সভাপতি, সাংসদ আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে মিলিত হ’ব। ইয়াৰ পিছতে তেওঁ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ব্লক কংগ্ৰেছৰ সভাপতি আৰু বিষয়বীয়াসকলৰ সৈতে নিৰ্বাচনী কুচকাৱাজৰ পৰ্যালোচনা কৰি নতুন দিল্লীলৈ উভতি যাব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতো তেওঁ দলৰ নিৰ্বাচনী স্থিতি সন্দৰ্ভত বিশেষভাৱে মত বিনিময় কৰিব।
দলীয় সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে নিৰ্বাচনৰ পূৰ্বে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰা। ইয়াৰ লগতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত দূৰ কৰি এক শক্তিশালী নিৰ্বাচনী কৌশল ৰচনা কৰাটোৱেই তেওঁৰ এই ভ্ৰমণৰ লক্ষ্য। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাইকামাণ্ডৰ এই তৎপৰতাই ৰাজ্যিক কংগ্ৰেছৰ ভিতৰচ’ৰাত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে।
