মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো কয়লা খনিৰ শোকাৱহ দুৰ্ঘটনাৰ তদন্ত চলাই সোমবাৰে আৰক্ষীয়ে ৭ গৰাকী মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। যোৱা ৫ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই খনি দুৰ্ঘটনাত ৩৩ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল। এই হত্যাকাণ্ড সদৃশ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ফৰ্মে চিৰ্মাং, শ্বামেকী ৱাৰ, প্ৰচেছ ফৱা, টেনচিং চুচিয়াং, ইউমিকি চিয়াহ, আৰ্নেষ্ট স্বৱেৰ আৰু ৰাঙচিং চিয়েনলিহ ওৰফে মিথুনক আটক কৰিছে।
ঘটনাৰ পিছতে খিলেৰীয়াট আৰক্ষী থানাত আৰক্ষীয়ে নিজে এক গোচৰ ৰুজু কৰিছিল। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নং ধাৰা (নৰহত্যা) আৰু ১১৮ (২) নং ধাৰাৰ লগতে খনি তথা খনিজ পদাৰ্থ আইন আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত গোচৰ চলোৱা হৈছে। এই পৰ্যন্ত জিলাখনত অবৈধ কয়লা খননৰ বিৰুদ্ধে মুঠ ৬২ খন এজাহাৰ দাখিল কৰা হৈছে।
কেৱল গ্ৰেপ্তাৰেই নহয়, আৰক্ষীয়ে এই অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু কয়লাও জব্দ কৰিবলৈ সক্ষম হৈছে। অভিযানকাৰী দলে ২৫.৫ কিলোগ্ৰাম জিলাটিন, ৭৪ টা ডিটনেটৰ, ৫ খন বাহন আৰু ১৫,২২৪ মেট্ৰিক টন কয়লা উদ্ধাৰ কৰিছে। এই পৰ্যন্ত মুঠ ১৪ গৰাকী লোকক আৰক্ষীয়ে জালত পেলাইছে।
জিলাখনত অবৈধ কয়লা মাফিয়াৰ দপদপনিৰ বিৰুদ্ধে আৰক্ষীৰ এই তৎপৰতাই বিশেষ চৰ্চা লাভ কৰিছে। অৱশ্যে ৩৩ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যুৰ পিছতহে প্ৰশাসন কিয় জাগ্ৰত হ’ল, তাক লৈও বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ বাবে উচ্চস্তৰীয় তদন্ত কমিটীও গঠন কৰা হৈছে।
