উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ পৱন খেড়া; গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই সুৰক্ষাৰ আবেদন

গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতীয়া জামিন আবেদন খাৰিজ কৰাৰ পাছতে এতিয়া ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতা পৱন খেড়া। অসম আৰক্ষীয়ে ৰুজু কৰা মানহানি আৰু জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ শীৰ্ষ আদালতত এই আবেদন দাখিল কৰে। ২৪ এপ্ৰিলত উচ্চ ন্যায়ালয়ে খেড়াৰ আবেদন নাকচ কৰাৰ পাছতে কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতাই আইনী সুৰক্ষা বিচাৰি সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হয়।

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সংবাদমেলৰ জৰিয়তে ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বিদেশত অঘোষিত সম্পত্তি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল খেড়াই। এই অভিযোগৰ পাছতে আৰক্ষীয়ে পঞ্জীয়ন কৰা গোচৰটোত উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ সকাহ নিদিয়াত বিষয়টোৱে এতিয়া নতুন মোৰ লৈছে।

পৱন খেড়াৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিঙভীয়ে যুক্তি দৰ্শায় যে এই সমগ্ৰ প্ৰক্ৰিয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। চৰকাৰী পক্ষই ইচ্ছাকৃতভাৱে এই আইনী জটিলতাৰ সৃষ্টি কৰিছে বুলিও তেওঁ দাবী কৰে। আনহাতে, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই এই যুক্তিৰ বিৰোধিতা কৰি কয় যে এয়া কেৱল মানহানিৰ গোচৰ নহয়, বৰঞ্চ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰা আৰু প্ৰৱঞ্চনাৰ দৰে গুৰুতৰ অপৰাধৰ সৈতেহে জড়িত। দুই পক্ষৰ তীব্ৰ বিতৰ্কৰ পাছত উচ্চ ন্যায়ালয়ৰ জামিন আবেদন খাৰিজৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লয় পৱন খেড়াই।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *