মিজোৰামত ভয়ংকৰ দুৰ্ঘটনা! খাৱৈত বাগৰি লৰী, নিহত কাছাৰৰ দুই যুৱক

মিজোৰামৰ চাইতুৱাল জিলাৰ কেইফাং চহৰৰ সমীপত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটে অসমৰ দুই যুৱকে। কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত খুলিচেৰা গাঁৱৰ আকমল হুছেইন লস্কৰ আৰু ৰাহুল আলম মজুমদাৰ নামৰ দুই যুৱকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয়। শনিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত পাহাৰীয়া পথেৰে গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন দ খাৱৈত পৰি যোৱাৰ ফলতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আদা ভৰ্তি এ এছ ০১ এছ চি ৭৩৪৩ নম্বৰৰ লৰীখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট গভীৰ খাৱৈত বাগৰি পৰে। চালকৰ আসনত থকা আকমল আৰু সহযোগী ৰাহুলে থিতাতে মৃত্যুবৰণ কৰে। মিজোৰামৰ পৰা আদা লৈ শিলচৰ অভিমুখে আহি থকাৰ সময়তে অতি থিয় আৰু বিপদজনক পথৰ এটা অংশত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে বাহনখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰাতো যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতেই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকল আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মিজোৰাম অভিমুখে ৰাওনা হয়। কাছাৰৰ এই দুই যুৱকৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ ধলাই অঞ্চলতে এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *