অৰুণাচল প্ৰদেশত প্ৰদেশ প্ৰশাসনৰ লগতে স্থানীয় খিলঞ্জীয়া দল-সংগঠনৰ নেতৃত্বৰ আহ্বানত বৈধ আই এল পিক লৈ সমগ্ৰ ৰাজ্যখনতে এক সজাগতা অভিযান আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজকৰ্মী টানা তামাৰ তাৰাই আজি এই অভিযানৰ বিষয়ে অৱগত কৰি এটা ষ্টিকাৰ মুকলি কৰে। এই সজাগতা অভিযানৰ অংশ হিচাপে সকলো অৰুণাচলী লোক আৰু শুভাকাঙ্ক্ষীক ‘ন’ আই এল পি, ন’ এন্ট্ৰি’ বাৰ্তাসম্বলিত ষ্টিকাৰ ঘৰে ঘৰে লগাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে খিলঞ্জীয়া দল-সংগঠনৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি অভিযান চলাইছে আৰু শ শ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰশাসনক চমজাই দি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। অৰুণাচল প্ৰদেশত আই এল পি লৈহে প্ৰৱেশ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি টানা তামাৰ তাৰাই কয় যে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা আৰু স্থানীয় জনগোষ্ঠীৰ পৰিচয় ৰক্ষাৰ বাবে সামূহিক প্ৰচেষ্টা অতি প্ৰয়োজনীয়। আনহাতে, একাংশ লোকে অবৈধ আই এল পি উলিয়াই ইয়াৰ দুৰ্ব্যৱহাৰ কৰাৰ ফলত স্থানীয় খিলঞ্জীয়া পৰিচয়লৈ ভাবুকি অহা বুলি অভিযোগ উত্থাপন হৈছে। অনা-অৰুণাচলী লোকক বৈধ আই এল পি লৈহে প্ৰৱেশ কৰাৰ আহ্বান জনাই অন্যথা অৰুণাচলৰ আইন অনুসৰি দণ্ডিত হ’ব বুলিও সকীয়াই দিয়া হয়। বৰ্তমান অৰুণাচল প্ৰদেশৰ সাধাৰণ লোকৰ লগতে তিনিটাকৈ খিলঞ্জীয়া সংগঠনৰ নেতৃত্বত এই অভিযান অব্যাহত আছে।
অৰুণাচল প্ৰদেশত ন’ আই এল পি, ন’ এন্ট্ৰি অভিযান
