অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণ তথা বান সদৃশ পৰিৱেশৰ ফলত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে । এনে পৰিস্থিতিত চুবুৰীয়া ৰাজ্য অসমৰো বিভিন্ন জিলাত বানৰ আশংকা কৰা হৈছে । যাৰ বাবে অসম চৰকাৰে অতি গুৰুত্বসহকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি অধিক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো প্ৰস্তুতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে । এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সম্ভাৱ্য ক্ষতিগ্ৰস্ত জিলাসমূহৰ প্ৰশাসন আৰু বিভাগসমূহক সতৰ্কতা বজাই ৰাখিবলৈ আৰু সময়মতে প্ৰতিৰোধমূলক আৰু সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।
অৰুণাচল প্ৰদেশত বানৰ তাণ্ডৱ
