ভাৰত চৰকাৰে ২২ জুন পৰ্যন্ত দেশজুৰি সাময়িকভাৱে জনপ্ৰিয় মেছেজিং এপ Telegram-ৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NEET-UG ২০২৬ পুনঃপৰীক্ষা সুকলমে আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু National Testing Agency (NTA)-ৰ পৰামৰ্শৰ ভিত্তিত তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (MeitY) এই নিৰ্দেশনা জাৰি কৰে। অভিযোগ অনুসৰি, পূৰ্বে Telegram-ৰ বিভিন্ন চেনেল আৰু গ্ৰুপৰ জৰিয়তে প্ৰশ্নকাকত ফাদিল, ভুৱা প্ৰশ্নপত্ৰ বিক্ৰী আৰু পৰীক্ষাৰ সৈতে জড়িত প্ৰতাৰণামূলক কাৰ্যকলাপ চলোৱা হৈছিল।
চৰকাৰে জনোৱা মতে, ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET পুনঃপৰীক্ষাৰ পূৰ্বে যিকোনো ধৰণৰ অসাধু চক্ৰক সক্ৰিয় হোৱাৰ পৰা ৰোধ কৰিবলৈ এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। Telegram-ৰ কিছুমান বিশেষ সুবিধা, বিশেষকৈ message editing feature-কো সাময়িকভাৱে সীমিত কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰে স্পষ্টকৈ কৈছে যে এই নিষেধাজ্ঞা স্থায়ী নহয়; ২২ জুনৰ পিছত পৰিস্থিতি পৰ্যালোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। চৰকাৰে পৰীক্ষাৰ্থীসকলক কেৱল NTA-ৰ চৰকাৰী মাধ্যমৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে আৰু কোনো ধৰণৰ ভুৱা খবৰ বা প্ৰশ্নকাকত ফাদিলৰ প্ৰলোভনত নপৰিবলৈ সতৰ্ক কৰি দিছে।
