বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ফলত একেটা পৰিয়ালৰ ৪ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে ৷বিগত আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জালুকবাৰীৰ পাছত শুকুৰবাৰে পুৱা প্ৰায় ৯.১০ বজাত গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হয় আন এক বিধ্বংসী অগ্নিকাণ্ড । ঘটনাৰ স্থান কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ সমীপত মূলপথ ৷ কাহিলিপাৰা পথৰ দাতিত থকা ‘ক্লাৱ ব্লুচ’ নামৰ বাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ একেটা পৰিয়ালৰ ৪ জনকৈ লোকৰ মৃত্যু হয় ৷
আঠ ঘণ্টাৰ ভিতৰতে গুৱাহাটীত দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা
