পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা

শুকুৰবাৰে পুৱাৰে পৰা অচল হৈ পৰিছে তিনিচুকীয়া জিলা ৷ মৰাণ-মটক জনগোষ্ঠীৰ সংগঠনৰ আহ্বন মৰ্মে তিনিচুকীয়াত পুৱা ৫ বজাৰ পৰাই ৪৮ ঘণ্টীয়া এই বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে ৷

আনকি ঠায়ে ঠায়ে জিলাখনৰ ৰাজপথত টায়াৰ জ্বলাই, বিজেপি হায় হায়, প্ৰতিশ্ৰুতি পূৰণ নকৰা বিজেপি চৰকাৰ হায় হায়, আমাক জনজাতিকৰণ প্ৰদান কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰে ৷ এই সময়ছোৱাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বাণিজ্যিক চহৰখনত যান-বাহনৰ চলাচলো বন্ধ হৈ পৰিছে ।পুৱা ৫ বজাৰ পৰা বন্ধ হৈ পৰিছে তিনিচুকীয়া জিলা ৷ ঠায়ে ঠায়ে ৰাজপথত প্ৰতিবাদত বহিছে প্ৰতিবাদকাৰীসকল ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *