নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক

ৰেলযোগে চলি থকা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰে’ল আৰক্ষীয়ে। নিউ বঙাইগাঁও ৰেল ষ্টেচনত মঙলবাৰে চলোৱা এক বিশেষ তালাচীত আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ সোণসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি ৰেল আৰক্ষীয়ে চলোৱা এই আকস্মিক অভিযানে এতিয়া আন্তঃৰাজ্যিক সোণ সৰবৰাহকাৰী চক্ৰৰ এক গভীৰ নেটৱৰ্কৰ তথ্য পোহৰলৈ আনিছে।

অভিযানৰ কালছোৱাত আৰক্ষীয়ে অমৰ আলী নামৰ এজন ব্যক্তিক আটক কৰি তেওঁৰ জিম্মাৰ পৰা প্ৰায় ৫৮২ গ্ৰাম সোণ উদ্ধাৰ কৰে। জানিব পৰা মতে, ডাউন নৰ্থ ইষ্ট এক্সপ্ৰেছযোগে বৰপেটাৰ পৰা বিহাৰলৈ এই সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই। জব্দ কৰা এই সোণখিনিৰ বজাৰ মূল্য ১ কোটি টকাতকৈও অধিক হ’ব বুলি আৰক্ষীৰ প্ৰাথমিক উৎসই সদৰী কৰিছে। বৰ্তমান ৰেল আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

এই বিশাল পৰিমাণৰ সোণ ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে এক বিতং তদন্ত আৰম্ভ কৰিছে। একেদৰে ৰেলপথক সুৰক্ষিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই বিশেষ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে। আৰক্ষীৰ এই তৎপৰতাই এতিয়া চোৰাং ব্যৱসায়ীসকলৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *