মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতেশ ৰাণে দোষী সাব্যস্ত; বোকা ছটিওৱা গোচৰত ১ মাহৰ জেল

চৰকাৰী বিষয়াক ৰাজহুৱাকৈ অপমানিত কৰাৰ পাঁচ বছৰ পুৰণি এক গোচৰত সোমবাৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা বিজেপি নেতা নীতেশ ৰাণেক এক মাহৰ কাৰাদণ্ড বিহে আদালতে। ২০১৯ চনত এজন অভিযন্তাৰ গাত বোকা ছটিওৱাৰ অপৰাধত সিন্ধুদুৰ্গৰ অতিৰিক্ত সত্ৰ আদালতে এই ৰায় প্ৰদান কৰে। অৱশ্যে উচ্চ আদালতত আপীল কৰাৰ সুবিধা দি আদালতে নীতেশ ৰাণেৰ এই শাস্তি বৰ্তমান স্থগিত ৰাখিছে।

প্ৰণিধানযোগ্য যে ২০১৯ চনৰ ৪ জুলাইত মুম্বাই-গোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সময়ৰ কংগ্ৰেছ বিধায়ক নীতেশ ৰাণে আৰু তেওঁৰ সমৰ্থকসকলে। সেই সময়তে এন এইচ এ আইৰ উপ-অভিযন্তা প্ৰকাশ শ্বেডেকৰক ৰাজহুৱাকৈ বোকা ঢালি অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাণেৰ বিৰুদ্ধে। আনকি বিষয়াগৰাকীক বোকা পানীৰ মাজেৰে খোজ কাঢ়িবলৈও বাধ্য কৰাইছিল প্ৰতিবাদকাৰীসকলে।

আদালতে ৰায়দানৰ সময়ত কয় যে জনপ্ৰতিনিধি এজনৰ লক্ষ্য জনকল্যাণ হ’লেও কোনো চৰকাৰী বিষয়াক ৰাজহুৱাকৈ অপমান কৰাৰ অধিকাৰ কাৰো নাই। ন্যায়াধীশ ভি এচ দেশমুখে এই কাৰ্যক ‘ক্ষমতাৰ অপব্যৱহাৰ’ বুলি অভিহিত কৰি কয়, “যদি এনে ঘটনা অব্যাহত থাকে, তেন্তে চৰকাৰী বিষয়াসকলে মৰ্যাদাৰে কাম কৰিব নোৱাৰিব।”

উল্লেখ্য যে এই গোচৰত ৰাণেৰ সৈতে আন ২৯ গৰাকী লোক অভিযুক্ত আছিল যদিও পৰ্যাপ্ত তথ্যৰ অভাৱত আদালতে আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে। কেৱল নীতেশ ৰাণেক ভাৰতীয় দণ্ডবিধিৰ ৫০৪ ধাৰাৰ অধীনত (শান্তি ভংগৰ উদ্দেশ্যে ইচ্ছাকৃত অপমান) দোষী সাব্যস্ত কৰি এক মাহৰ জেল আৰু এক লাখ টকাৰ জৰিমনা বিহে আদালতে। ইয়াৰে ৫০ হাজাৰ টকা ক্ষতিপূৰণ হিচাপে ভুক্তভোগী অভিযন্তাজনক দিবলৈ নিৰ্দেশ দিয়া হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *