উত্তৰাখণ্ডৰ কেদাৰনাথলৈ তীৰ্থভ্ৰমণলৈ যোৱাৰ সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল মৰিগাঁও জিলাৰ এগৰাকী যুৱতীয়ে। মৰিগাঁওৰ দলংঘাট নিবাসী পাপৰি ডেকা নামৰ যুৱতীগৰাকীয়ে যোৱা ৪ মে’ত মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত মৃত্যুৰ কোলাত ঢলি পৰে। জানিব পৰা মতে, মন্দিৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়ত শ্বাস-প্ৰশ্বাসজনিত অসুস্থতাত ভুগি মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে।
উল্লেখ্য যে, অহা ডিচেম্বৰ মাহত গুৱাহাটীৰ জ্যোতিপ্ৰসাদ দত্ত নামৰ যুৱকজনৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল পাপৰি ডেকাৰ। বিয়াৰ পূৰ্বে বন্ধু-বান্ধৱীৰ সৈতে কেদাৰনাথ ধাম দৰ্শনৰ বাবে গৈছিল যুৱতীগৰাকীয়ে। কিন্তু তাতেই মৃত্যুক সাৱটি লোৱা যুৱতীগৰাকীৰ মৃতদেহ বুধবাৰে স্বগৃহত উপস্থিত হোৱাৰ পাছতে সমগ্ৰ মৰিগাঁৱত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। হ’বলগীয়া স্বামী জ্যোতিপ্ৰসাদ দত্তই পাপৰি ডেকাৰ শিৰত সেন্দুৰ দি ধৰ্মীয় ৰীতি-নীতিৰে অন্তিম বিদায় জনায়।
