শিলচৰত আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত; নাইজেৰিয়ানসহ আটক ৪

কাছাৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত শিলচৰত পোহৰলৈ আহিছে এক ভয়ংকৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ তথ্য। আছাম ৰাইফলছৰ বিশেষ সূত্ৰৰ ভিত্তিত ২৫ মাৰ্চত চলোৱা এই অভিযানত এজন নাইজেৰিয়ান নাগৰিকসহ অসম আৰু মিজোৰামৰ মুঠ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে। এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি অবৈধভাৱে বিদেশী নাগৰিকক ভাৰতত প্ৰৱেশ কৰোৱাৰ কামত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

তদন্তকাৰী সংস্থাৰ মতে, এই আন্তঃৰাজ্যিক চক্ৰটোৱে বিশেষকৈ ত্ৰিপুৰা আৰু মিজোৰাম সীমান্তৰে বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অবৈধভাৱে লোকক ভাৰতলৈ সৰবৰাহ কৰিছিল। কেৱল প্ৰৱেশেই নহয়, বৰঞ্চ ভাৰতৰ পৰা অবৈধভাৱে লোকক পলাই যোৱাৰ ক্ষেত্ৰতো এই চক্ৰটোৱে সহায় কৰি অহা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। বিশেষকৈ ভিছাৰ নিয়ম ভংগ কৰা বা আইনী সমস্যাত জড়িত লোকসকলক তেওঁলোকে গোপন আশ্ৰয় প্ৰদান কৰিছিল।

বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৃত চাৰিজন লোকক অধিক তথ্যৰ বাবে তীব্ৰ জেৰা চলাই থকা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত অবৈধ নাগৰিকৰ প্ৰৱেশক লৈ সৃষ্টি হোৱা জনগাঁথনিৰ পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে এই বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। আগন্তুক দিনত সীমান্তৱৰ্তী অঞ্চলসমূহত এনে অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *