অৰুণাচলৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ গুলীচালনা; আহত অসম ৰাইফলছৰ জোৱান

ভাৰত-ম্যানমাৰ সীমান্তৰ চাংলাং জিলাত বেৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উগ্ৰপন্থীৰ আক্ৰমণত আহত হয় এজন অসম ৰাইফলছৰ জোৱান। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পাংচাউ পাছৰ সমীপত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। সীমান্তত বেৰ দিয়াৰ বিৰোধিতা কৰি এনচিএন-কে-ৱাইএৰ সন্দেহযুক্ত সদস্যসকলে ম্যানমাৰৰ ফালৰ পৰা অতৰ্কিতে এই আক্ৰমণ চলায়।

উগ্ৰপন্থীৰ এই বিনা উচতনিমূলক গুলীচালনাৰ পাছতে অসম ৰাইফলছৰ বাহিনীয়েও তৎক্ষণাত প্ৰত্যুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত হোৱা এই সংঘৰ্ষৰ পাছত উগ্ৰপন্থীৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। এই গুলীয়াগুলিৰ ঘটনাত এজন জোৱান আহত হয় যদিও বৰ্তমান তেওঁৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

বৰ্তমান নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি পলাতক উগ্ৰপন্থীসকলৰ বিৰুদ্ধে তীব্ৰ তালাচী অভিযান আৰম্ভ কৰিছে। সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *