অসমৰ নৱগঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে আগন্তুক ছমাহৰ বাবে মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰিছে এক কঠোৰ নিষেধাজ্ঞা। বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ ঘোষণাৰ বিষয়ে অৱগত কৰে। ৰাজ্যৰ নতুন প্ৰশাসনৰ স্বচ্ছতা আৰু কৰ্মসংস্কৃতি বৃদ্ধিৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আগন্তুক ছমাহৰ বাবে কোনো চৰকাৰী বিষয়া বা মন্ত্ৰীক বিদেশলৈ যাবলৈ অনুমতি দিয়া নাথাকিব। চৰকাৰী বা ব্যক্তিগত- কোনো ধৰণৰ বিদেশ ভ্ৰমণৰ অনুমতি দিয়া নহ’ব আৰু আনকি নিজৰ টকাৰে ভ্ৰমণ কৰিব বিচাৰিলেও এই নিষেধাজ্ঞা বাহাল থাকিব”।
কেৱল জৰুৰীকালীন অৱস্থা বা চিকিৎসাৰ বাবেহে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পূৰ্বানুমতি সাপেক্ষে এনে ভ্ৰমণৰ অনুমতি প্ৰদান কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিশাল জনসমৰ্থন লাভ কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে অসমত শাসনৰ গাদী দখল কৰিছে। ১২ মে’ত মুখ্যমন্ত্ৰী হিচাপে ড° শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ ঠিক এদিন পাছতেই এই কেবিনেট বৈঠক অনুষ্ঠিত হয়।
