প্ৰেমিকক মুক্তি নিদিলে জপিয়াই দিম! ১০০ ফুট ওখ মোবাইল টাৱাৰত উঠি কিশোৰীৰ নাটকীয় প্ৰতিবাদ

প্ৰেমিকক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত ১০০ ফুট উচ্চতাৰ মোবাইল টাৱাৰত উঠিল এগৰাকী ১৭ বছৰীয়া কিশোৰী। দাবী পূৰণ নকৰিলে টাৱাৰৰ ওপৰৰ পৰা জপিয়াই দিয়াৰো ভাবুকি দিয়ে কিশোৰীগৰাকীয়ে।

ঝাৰখণ্ডৰ বোকাৰো জিলাৰ গোমিয়া অঞ্চলত মঙলবাৰে সংঘটিত হয় এই নাটকীয় ঘটনা। ধেন্ধে গাঁৱৰ এটা মোবাইল টাৱাৰত উঠি কিশোৰীগৰাকীয়ে প্ৰতিবাদ আৰম্ভ কৰাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় উত্তেজনাৰ।

জানিব পৰা মতে, কিশোৰীগৰাকীৰ ২২ বছৰীয়া প্ৰেমিকক কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কিশোৰীগৰাকীৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত অপহৰণৰ গোচৰ ৰুজু কৰাৰ পাছতে যুৱকজনক আটক কৰা হয়। পৰৱৰ্তী সময়ত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

১৮ জুনত কিশোৰীগৰাকীৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত অনুসন্ধান চলাই ৰাঁচীৰ সুখদেৱ নগৰ এলেকাত সন্ধান পোৱা যায় যুৱক-যুৱতীহালৰ। তাৰ পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

বৰ্তমান টেনুঘাট কাৰাগাৰত আছে যুৱকজন। প্ৰেমিকক মুক্তি দিয়াৰ দাবীতেই টাৱাৰত উঠি এই প্ৰতিবাদ সাব্যস্ত কৰিছে কিশোৰীগৰাকীয়ে।

ঘটনাস্থলত আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈ কিশোৰীগৰাকীক সুৰক্ষিতভাৱে তললৈ নমাই অনাৰ চেষ্টা চলায়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *