মৰ্মান্তিক! বিয়াৰ এদিন পূৰ্বে কইনাসহ চৰম সিদ্ধান্ত পিতৃ-মাতৃৰ, কৰ্ণাটকত চাঞ্চল্য

ৰাতিটো পুৱালেই বিয়া! ইতিমধ্যে এই বিবাহক লৈ গোটেই ঘৰখনত সৃষ্টি হৈছিল উলহ-মালহ পৰিৱেশ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে কইনাৰ সাজত ৰভাতলীত বহাৰ কথা আছিল ২১ বৰ্ষীয় ৰক্ষিতা। কিন্তু বিয়াৰ এই উছাহ-আনন্দৰ মাজতে সকলোৰে অলক্ষিতে এক চৰম সিদ্ধান্ত বাচি লয় কইনা ৰক্ষিতাৰ লগতে তেওঁৰ পিতৃ-মাতৃয়ে। বিয়াৰ পূৰ্বেই একেলগে বিহপান কৰি আত্মহনন কৰে তিনিওজনে।

কৰ্ণাটকৰ মহীশূৰ জিলাৰ হালেকেম্পায়্যানাহুণ্ডি গাঁৱত সংঘটিত এই শোকাৱহ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে। মৃতসকল হৈছে ২১ বছৰীয়া ৰক্ষিতা, তেওঁৰ পিতৃ শিৱান্না (৫০) আৰু মাতৃ নাগৰত্না (৪৫)।

ঘটনাৰ দিনাৰ পাছদিনাই অনুষ্ঠিত হোৱাৰ কথা আছিল ৰক্ষিতাৰ বিয়া। বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল আৰু দুই পৰিয়ালৰ মাজত চলিছিল আনন্দৰ পৰিৱেশ। কিন্তু সেই আনন্দৰ মাজতে কিয় এনে চৰম সিদ্ধান্ত ল’লে পৰিয়ালটোৱে, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাটোৰ আঁৰত এক ব্যক্তিগত সমস্যাৰ কথা পোহৰলৈ আহিছে। একে গাঁৱৰে উল্লাস গৌড়া নামৰ এজন ব্যক্তিয়ে ৰক্ষিতাক বিয়া কৰিবলৈ বিচাৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু ৰক্ষিতাৰ বিয়া আন এজন যুৱকৰ সৈতে ঠিক হোৱাৰ পাছত উল্লাসে বিয়াখন ভাঙিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, ৰক্ষিতাৰ বিয়াত বাধা সৃষ্টি কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল উল্লাস গৌড়াই। তেওঁৰ বিৰুদ্ধে নেতিবাচক মন্তব্য কৰা আৰু ৰক্ষিতাৰ হব লগা স্বামীলৈ বাৰ্তা তথা ফটো প্ৰেৰণ কৰাৰ তথ্যও লাভ কৰিছে তদন্তকাৰীসকলে। ঘটনাস্থলৰ পৰা উদ্ধাৰ হোৱা এখন নোটতো উল্লাসৰ নাম উল্লেখ থকা বুলি জানিব পৰা গৈছে।

অৱশ্যে উদ্ধাৰ হোৱা নোট আৰু অন্যান্য তথ্যৰ ভিত্তিত সমগ্ৰ ঘটনাৰ কাৰণ নিশ্চিত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইতিমধ্যে টি নৰসীপুৰা থানাত গোচৰ ৰুজু কৰি ডিজিটেল তথ্যসহ বিভিন্ন দিশ পৰীক্ষা কৰি থকা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *