মুছলমান ছাত্ৰীসকলৰ স্নাতক মহলাৰ সম্পূৰ্ণ মাচুল ৰেহাইৰ ঐতিহাসিক সিদ্ধান্ত; বাজেটত ২০ কোটি টকা আৱণ্টন বিজয় চৰকাৰৰ

সংখ্যালঘু সম্প্ৰদায়ৰ নাৰী শিক্ষাৰ বিকাশ আৰু সৱলীকৰণৰ লক্ষ্যৰে এক যুগান্তকাৰী কল্যাণমূলক আঁচনিৰ কথা ঘোষণা কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰে। চৰকাৰী কোটাৰ অধীনত নামভৰ্তি কৰা মুছলমান ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্যায়ৰ সম্পূৰ্ণ শিক্ষণ মাচুল ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

এই আঁচনিখন চৰকাৰী, চৰকাৰী সাহাৰ্যপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহত কলা, বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা, কৃষি তথা আইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত কাৰ্যকৰী হ’ব। এই বিশেষ পদক্ষেপৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ২০ কোটি টকাৰ পুঁজি আৱণ্টন দিয়া হৈছে।

কেৱল উচ্চশিক্ষাই নহয়, বিদ্যালয় পৰ্যায়ৰ ছাত্ৰীসকলৰ বাবেও বৃত্তিসমূহ অধিক সম্প্ৰসাৰণ কৰাৰ কথা প্ৰকাশ কৰে চৰকাৰে। ইয়াৰ উপৰিও চেন্নাইত এখন নতুন মহিলা মহাবিদ্যালয় স্থাপন, সংখ্যালঘু সম্প্ৰদায়ৰ সামূহিক সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে সুদহীন ঋণ সাহায্য প্ৰদান আৰু যুৱ প্ৰজন্মৰ সংস্থাপনমুখী দক্ষতা বিকাশৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰাৰো ব্যৱস্থা হাতত লোৱা হৈছে।

চৰকাৰৰ এই সামগ্ৰিক পদক্ষেপে সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীৰ শৈক্ষিক অগ্ৰগতিত এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *