ৰাজ্যসভাৰ সদস্য পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ আসনৰ পৰা পদত্যাগ কৰিছে ৷ ভাৰতীয় সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাৰ বৰ্তমানৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণণে আজি (শনিবাৰ)ৰে পৰা কাৰ্যকৰী হোৱাকৈ তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ।ৰাজ্যসভাই প্ৰকাশ কৰা এক বুলেটিনত উল্লেখ কৰা মতে, ‘‘উত্তৰ প্ৰদেশ ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰ পৰিষদৰ (ৰাজ্যসভা) নিৰ্বাচিত সদস্য শ্ৰী হৰদীপ সিং পুৰীয়ে ৰাজ্যসভাৰ আসনৰ পৰা পদত্যাগ কৰে আৰু ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে তেওঁৰ পদত্যাগ ৰাজ্যসভাৰ অধ্যক্ষই গ্ৰহণ কৰিছে ৷’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *