কৰ ফাঁকি, ধনৰ অবৈধ সৰবৰাহকে ধৰি আইপিএল কেলেংকাৰীৰ একাধিক অভিযোগত অভিযুক্ত হৈ ২০১০ চনতে ভাৰত ত্যাগ কৰা ললিত মোদীয়ে লাভ কৰিছে বৃটেইনৰ নাগৰিকত্ব। অক্সফোৰ্ড ইউনিয়নৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজেই এই কথা ঘোষণা কৰে আইপিএলৰ প্ৰতিষ্ঠাপকগৰাকীয়ে। পলাতক ব্যৱসায়ীগৰাকীয়ে বৃটিছ নাগৰিকত্ব লাভ কৰাত এতিয়া তেওঁক ভাৰতলৈ ওভতাই অনাৰ আইনী প্ৰক্ৰিয়া অধিক জটিল হৈ পৰাৰ আশংকা ঘনীভূত হৈছে।
শনিবাৰে সামাজিক মাধ্যম ‘এক্স’ত দিয়া এক পোষ্টত ৬২ বছৰীয়া ললিত মোদীয়ে সদৰী কৰে যে যোৱা ১৫ ছেপ্টেম্বৰত এক বিশেষ অনুষ্ঠানত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে তেওঁ এই নাগৰিকত্ব উদযাপন কৰে। বৃটেইনক নিজৰ দীৰ্ঘদিনীয়া বাসস্থান আখ্যা দি তেওঁ কয় যে বৃটিছ নাগৰিক হোৱাটো এক বিশেষ সৌভাগ্য আৰু দায়িত্ব, যাক তেওঁ গৌৰৱ তথা কৃতজ্ঞতাৰে গ্ৰহণ কৰিছে।
আণ্ডাৰৱৰ্ল্ড আৰু অন্যান্য মহলৰ পৰা জীৱনৰ ভাবুকি থকাৰ অজুহাত দেখুৱাই ভাৰতলৈ উভতি আহিবলৈ অস্বীকাৰ কৰি অহা মোদীয়ে নিজকে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি বুলিও দাবী কৰি আহিছে। তেওঁৰ এনে দাবীৰ বাবেই পূৰ্বে ইণ্টাৰপ’লৰ ৰেড নটিছ জাৰি কৰা প্ৰক্ৰিয়াও স্থবিৰ হৈ পৰিছিল।
ইফালে চৰকাৰী সূত্ৰই জনোৱা মতে বৃটিছ নাগৰিকত্বই ললিত মোদীক আইনী ৰক্ষাকৱচ প্ৰদান নকৰে অথবা ১৯৯২ চনৰ ভাৰত-বৃটেইন চুক্তিৰ অধীনত তেওঁৰ প্ৰত্যৰ্পণৰ পথ আনুষ্ঠানিকভাৱে বন্ধ নকৰে যদিও ইয়াৰ ফলত তেওঁক ওভতাই অনাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ হৈ পৰিছে। বৃটেইনৰ নাগৰিকত্ব লাভ কৰাৰ লগে লগে পোনপটীয়া বহিষ্কৰণৰ পথ বন্ধ হৈ পৰাত এতিয়া আনুষ্ঠানিক প্ৰত্যৰ্পণ প্ৰক্ৰিয়াই ভাৰতৰ বাবে একমাত্ৰ আইনী বিকল্প হৈ ৰৈছে।
অৱশ্যে ইয়াৰ পূৰ্বে আগস্তা ৱেষ্টলেণ্ড কেলেংকাৰীৰ অভিযুক্ত খ্ৰীষ্টিয়ান মিচেল আৰু বুকী সঞ্জীৱ চাওলাৰ দৰে বৃটিছ নাগৰিকক বিচাৰৰ বাবে ভাৰতলৈ অনাৰ নজিৰ আছে আৰু মোদীকো ওভতাই অনাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি সূত্ৰটোৱে জনায়।
উল্লেখ্য যে ২০০৯ চনত আইপিএলৰ সম্প্ৰচাৰ স্বত্ব প্ৰদানৰ নামত ১২৫ কোটি টকাৰো অধিক উৎকোচ লোৱাৰ অভিযোগত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে (ইডি) মোদীৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল। ২০১০ চনৰ ১৩ অক্টোবৰত তামিলনাডু আৰক্ষীৰ কেন্দ্ৰীয় অপৰাধ শাখাই পঞ্জীয়ন কৰা এক এজাহাৰৰ ভিত্তিত ইডিয়ে এই তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত ২০১১ চনৰ ৩ মাৰ্চত মুম্বাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ৰ জৰিয়তে মোদীৰ পাছপ’ৰ্ট বাতিল কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ইয়াক পুনৰ বাহাল ৰখা হয়।
পলাতক মোদীক ভাৰতলৈ ওভতাই পঠিয়াবলৈ ২০১২ চনৰ নৱেম্বৰত বৃটেইন চৰকাৰক আনুষ্ঠানিকভাৱে অনুৰোধ জনোৱা হৈছিল যদিও ঘৰুৱা আইনৰ দোহাই দি সেই বৰ্ষৰ ২১ ডিচেম্বৰত লণ্ডনে এই অনুৰোধ নাকচ কৰে। পৰৱৰ্তী সময়ত ২০১৫ চনত মুম্বাইৰ আদালতে মোদীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু চিবিআইয়ে ইণ্টাৰপ’লৰ জৰিয়তে জাননী জাৰি কৰিবলৈ নথি-পত্ৰ প্ৰেৰণ কৰে। সেই সময়ত মোদীয়ে বিনিয়োগ আঁচনিৰ জৰিয়তে কেৰিবিয়ান দ্বীপৰাষ্ট্ৰ ছেইণ্ট লুচিয়াৰ নাগৰিকত্বৰ বাবেও আবেদন জনাইছিল।
