ধাৰাসাৰ বৃষ্টিপাতত অসমত কৃষিখণ্ড বিপদত, ব্যাপক ক্ষতিৰ ভয়

অসমত ধাৰাবাহিকভাৱে হৈ থকা অত্যধিক প্ৰাক-মৌচুমী বৰষুণে ৰাজ্যৰ কৃষিখণ্ডলৈ কঢ়িয়াই আনিছে এক চৰম বিপৰ্যয়। মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে বৰষুণ আৰু আৰ্দ্ৰতাৰ বাবে বিভিন্ন প্ৰান্তত শাক-পাচলি আৰু মাকৈ খেতিৰ ব্যাপক ক্ষতি হোৱা বুলি সদৰী কৰে। বিশেষকৈ মার্চ মাহত স্বাভাৱিকতকৈ ১২৯ শতাংশ অধিক বৰষুণ হোৱাৰ ফলত খেতিপথাৰত পানী জমা হৈ শস্য নষ্ট হোৱাৰ উপৰি উৎপাদন হ্ৰাস পোৱাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজ্যখনত প্ৰাক-মৌচুমী কালছোৱাত বৰ্তমানলৈকে গড়ে ৫৬ শতাংশ অতিৰিক্ত বৰষুণ নথিভুক্ত কৰা হৈছে।

বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ প্ৰশান্ত নেওগে কয়, “এইবাৰ প্ৰাক-মৌচুমী বৰষুণ অভূতপূৰ্ব হৈছে। বৰষুণৰ ফলত আলু চপোৱাৰ সময়তে খেতি নষ্ট হোৱাৰ লগতে খাৰুপেটীয়া আৰু গহপুৰৰ দৰে অঞ্চলত মাকৈ খেতি জলমগ্ন হৈ পৰিছে। ডাৱৰীয়া বতৰ আৰু অত্যধিক বৃষ্টিপাতে গ্ৰীষ্মকালীন শাক-পাচলিৰ উৎপাদনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।”

অৱশ্যে এই বতৰ চাহ খেতিৰ বাবে অনুকূল বুলিও তেওঁ উল্লেখ কৰে। কৃষিখণ্ডৰ এই দুৰ্যোগৰ মাজতে বতৰ বিশেষজ্ঞসকলে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু অসমৰ কৃষকসকলৰ বাবে জাৰি কৰিছে বিশেষ কৃষি উপদেশ।

কৃষকসকলক পথাৰৰ পৰা অতিৰিক্ত পানী উলিয়াই দিবলৈ নলাৰ ব্যৱস্থা কৰাৰ লগতে ওখ আৰু দুৰ্বল গছবোৰক বাঁহেৰে জেকা দিয়াৰ পৰামৰ্শ দিয়া হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ধাৰাসাৰ বৰষুণৰ আগজাননী দি পৈণত শস্যসমূহ সোনকালে চপাই সুৰক্ষিত স্থানলৈ নিবলৈ পৰামৰ্শ আগবঢ়াইছে।

উল্লেখ্য যে চলিত বতৰত বজ্ৰপাত আৰু ধুমুহাৰ ফলত ৰাজ্যখনত ইতিমধ্যে ছয়গৰাকী লোকৰ মৃত্যু হৈছে। মাহৰ শেষলৈকে বিজুলী-ঢেৰেকণিৰ সৈতে বৰষুণৰ এই ধাৰা অব্যাহত থকাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত কৃষি বিভাগে সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *