মাদ্ৰাছা নিৰ্মাণৰ বাবে ভাগি পেলোৱা হ’ল শতিকা পুৰণি হিন্দু মন্দিৰ! পাকিস্তানত সংখ্যালঘুৰ ধৰ্মীয় স্থান সুৰক্ষাৰ দাবীৰ মাজতে পুনৰ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। পঞ্জাৱ প্ৰদেশৰ নৰোৱাল জিলাৰ চিৰাজ গাঁৱত অৱস্থিত প্ৰায় ১২৫ বছৰ পুৰণি এক ঐতিহাসিক হিন্দু মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু অধিকাৰ ৰক্ষা সংগঠন ‘পাকিস্তান মসিহা মিল্লাত পাৰ্টী’য়ে। কাষৰীয়া মাদ্ৰাছা এখনৰ সম্প্ৰসাৰণৰ বাবে যোৱা ২১ আগষ্টত পৰিকল্পিতভাৱে এই মন্দিৰটো উচ্ছেদ কৰা বুলি দাবী কৰে সংগঠনটোৱে।
সংগঠনটোৰ সভাপতি আছলাম পাৰভেজ ছাহোত্ৰাই অভিযোগ কৰি জনোৱা মতে, একাংশ লোকে মন্দিৰটো ভাঙি ইটা আৰু গম্বুজৰ ধাতুৰ সঁজুলিসমূহ লৈ যায়। এই সন্দৰ্ভত স্থানীয় ৰাইজ আৰু সংগঠনে পঞ্জাৱৰ অতিৰিক্ত গৃহ সচিবক সাক্ষাৎ কৰি এখন লিখিত অভিযোগ দাখিল কৰে আৰু ধৰ্মীয় স্থান সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা বিষয়া তথা দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সংগঠনটোৱে মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ লগতে সংখ্যালঘুৰ উপাসনাস্থলীসমূহৰ বাবে নিৰাপত্তা বৃদ্ধিৰো দাবী তোলে।
ইফালে, পাক চৰকাৰৰ অধীনস্থ ধৰ্মীয় সম্পত্তি পৰিচালনা সংস্থা ইটিপিবিয়ে এই অভিযোগ অস্বীকাৰ কৰি দাবী জনায় যে প্ৰবল বৃষ্টিপাতৰ ফলতহে জৰাজীৰ্ণ মন্দিৰটোৰ এটা অংশ খহি পৰে। পাকিস্তানৰ পঞ্জাৱ চৰকাৰেও স্পষ্টীকৰণ দি কয় যে মন্দিৰটো ধ্বংস কৰা হোৱা নাই, বৰঞ্চ বৰষুণৰ ফলতেই এই ক্ষতিসাধন হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী চৰ্দাৰ ৰমেশ সিং অৰোৰাই স্থান পৰিদৰ্শন কৰি মন্দিৰৰ খহি পৰা অংশ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
উল্লেখযোগ্য যে বিগত জুলাই মাহতো ফাৰুকাবাদত ১২৫ বছৰ পুৰণি ‘শ্ৰী গুৰু সিং সভা চাহিব’ গুৰুদ্বাৰ ধ্বংস কৰাৰ ঘটনা সংঘটিত হৈছিল। সংখ্যালঘুৰ ধৰ্মীয় স্থানৰ সুৰক্ষাক লৈ পাকিস্তানৰ এই ভূমিকাৰ বিৰুদ্ধে নতুন দিল্লীয়েও পূৰ্বে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।
