19
Jan
উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত কুলদীপ সিং চেংগাৰক কন্যাৰ বিবাহ অনুষ্ঠান উপলক্ষে পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ পেৰ’লৰ কথা শুনি প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে উন্নাওৰ ভুক্তভোগীয়ে। কুলদীপে গোচৰৰ সাক্ষীক ভয় দেখুৱাই প্ৰভাৱিত কৰিব বুলি ভয় খাই তেওঁ এই চিঠিখন প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষী আৰু চিবিআইৰ কঠোৰ তত্বাৱধানত কুলদীপক জেলৰ পৰা ওলাই যাবলৈ দিব লাগে বুলি দাবী জনায় ভুক্তভোগীয়ে। প্ৰসংগক্ৰমে দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। ইয়াৰ পিছত উন্নাও ভুক্তভোগীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়কে ধৰি কেইবাটাও স্থানলৈ চিঠি লিখিছে। তেওঁলোকে কয়- কুলদীপ সিং চেংগাৰ জেলৰ পৰা ওলাই আহিছে। কিন্তু দিল্লী আৰক্ষীৰ…
