05
Jan
উত্তৰাখণ্ডৰ যোশীমঠ চহৰৰ ৫৫০ টাতকৈও অধিক ঘৰত সৰু-ডাঙৰ ফাট মেলিছে। যাৰ ফলত উত্তৰ ভাৰতত ঠাণ্ডাৰ ঢৌৰ মাজতে শ শ বাসিন্দাই বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। ভূমি ডুব যোৱাৰ বাবে ফাটবোৰৰ সৃষ্টি হোৱাৰ লগতে বহু অঞ্চলত এই ফাটেৰে পানীৰ ফোৱাৰ ওলোৱা পৰিলক্ষিত হৈছে। ফাট মেলাৰ পিছতে চহৰখনত মানুহে টৰ্চৰ পোহৰত প্ৰতিবাদ সাব্যস্ত কৰে।
