ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

হাত খৰছৰ বাবে টকা নিদিয়াৰ বাবেই পিতৃক নৃশংসভাৱে হত্যা পুত্ৰৰ…

হাত খৰছৰ বাবে টকা নিদিয়াৰ বাবেই পিতৃক নৃশংসভাৱে হত্যা পুত্ৰৰ…

হাত খৰছৰ ধন নিদিয়াৰ বাবে পিতৃক কঠোৰ ‘শাস্তি’ পুত্ৰৰ। পিতৃৰ মূৰত শিলেৰে খুন্দিয়াই নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই।মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে এই ঘটনা পোহৰলৈ আহে। যদিও কেইবাদিনো পূৰ্বে সংঘটিত হৈছিল এই হত্যাকাণ্ড। ১৫ জুনৰ নিশা ইন্দোৰৰ দেপালপুৰ অঞ্চলৰ এক নিৰ্জন স্থানৰ পৰা পঞ্চাশ বছৰীয়া বাবু চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বাবুৰ পুত্ৰৰ নাম সোহান। ১৫ জুনৰ নিশা পুত্ৰ সোহানে বাবুক ২০০০ টকা বিচাৰিছিল। যিটো পিতৃয়ে দিবলৈ অস্বীকাৰ কৰিলে। অভিযোগ অনুসৰি যুৱকজনে খঙতে পিতৃৰ মূৰত এটা গধূৰ শিলেৰে আক্ৰমণ কৰাত থিতাতে মৃত্যু ঘটে বাবু চৌধুৰীৰ। সেই নিশা স্থানীয় ৰাইজে পথৰ কাষত মৃতদেহটো দেখি আৰক্ষীক…
Read More
পৰিণাম ভয়ংকৰ হ’ব পাৰে ৭ ভাৰতীয় কফ চিৰাপৰ সেৱন! তদন্তৰ নিৰ্দেশ WHOৰ

পৰিণাম ভয়ংকৰ হ’ব পাৰে ৭ ভাৰতীয় কফ চিৰাপৰ সেৱন! তদন্তৰ নিৰ্দেশ WHOৰ

এতিয়া ভাৰতত নিৰ্মিত ৭টা কাহৰ চিৰাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে WHO-এ। বিশ্ব স্বাস্থ্য সংস্থাই মুঠ ২০টা কাহ চিৰাপৰ উপাদান পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। WHO ৰ তথ্য অনুসৰি এই কাহৰ চিৰাপৰ উপাদানসমূহৰ পৰা বিষক্ৰিয়া হ’ব পাৰে। ইয়াত ৭ টা ভাৰতীয় কোম্পানী অন্তৰ্ভুক্ত। দৰাচলতে কেৱল যোৱা কেইমাহমানৰ ভিতৰতে বিশ্বজুৰি কাহৰ চিৰাপৰ বিষক্ৰিয়াত শ শ শিশুৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশই পশ্চিম আফ্ৰিকাৰ। ভাৰতৰ পৰা এই পশ্চিম আফ্ৰিকাৰ দেশবোৰলৈ বহুত কাহৰ চিৰাপ যায়। কিছুদিন পূৰ্বে উজবেকিস্তান আৰু জাম্বিয়াত ভাৰতীয় কাহৰ চিৰাপ সেৱন কৰি বহু শিশুৰ মৃত্যু হোৱাৰ খবৰ আহিছিল। তেতিয়াই ভাৰতীয় কাহৰ চিৰাপৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। শেহতীয়াকৈ মেৰিয়ান বায়’টেক, মেডেন ফাৰ্মাচিউটিকেলছকে ধৰি…
Read More
গুজৰাটৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সংহাৰ, ৰাজস্থানতো প্ৰৱল বৰুষণৰ আগজাননী…

গুজৰাটৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সংহাৰ, ৰাজস্থানতো প্ৰৱল বৰুষণৰ আগজাননী…

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি গুজৰাটৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ বিপৰ্যয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি বিভিন্ন অঞ্চলৰ ক্ষতিসাধন কৰিছে। ১৭ জুনত প্ৰকাশিত বতৰ বুলেটিন অনুসৰি, “ধোলাভিৰাৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰ-পূবে ১২০ কিলোমিটাৰ দূৰত্বত গুজৰাট আৰু দক্ষিণ-পূব পাকিস্তানৰ সংলগ্ন দক্ষিণ-পশ্চিম ৰাজস্থানৰ ওপৰত শনিবাৰে ঘূৰ্ণীবতাহ বিপৰ্যয়ে কোবাই যায়। গুজৰাটৰ কেইবাটাও অঞ্চলত কেইবাটাও বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৰাজ্যিক বিদ্যুৎ কোম্পানীটোৰ সম্পত্তি, ঘৰ-দুৱাৰ আৰু আৰ্থিক ক্ষতিৰ ব্যাপক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। গাঁৱে-ভূঞে বিদ্যুৎ পুনৰুদ্ধাৰ আৰু ভাগি পৰা গছ-গছনিৰে বাট-পথ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এতিয়া চৰকাৰে তাৎক্ষণিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইফালে আই এম ডিয়ে আগন্তুক ২৪ ঘন্টাত গুজৰাট আৰু ৰাজস্থানত প্ৰবল বৰষুণৰ…
Read More
৩ কোটি চেক বাউন্স গোচৰত আত্মসমৰ্পণ অভিনেত্ৰী অমীশা পেটেলৰ…

৩ কোটি চেক বাউন্স গোচৰত আত্মসমৰ্পণ অভিনেত্ৰী অমীশা পেটেলৰ…

প্ৰযোজক-ব্যৱসায়ী অজয় কুমাৰ সিঙক প্ৰায় ৩ কোটি টকা চেক বাউন্সেৰে প্ৰতাৰণা কৰাৰ অভিযোগত অভিনেত্ৰী অমীশা পেটেলে শনিবাৰে ৰাঁচীৰ দেৱানী আদালতত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰাৰ পিছতে চৰ্তসাপেক্ষ জামিন লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে মুখ ঢাকি আদালতৰ পৰা ওলাই অহাৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছে।
Read More
কিদৰে ২০২৪ত পৰাস্ত কৰিব বিজেপিক? নতুন সূত্ৰ দিলে অখিলেশ সিং যাদৱে…

কিদৰে ২০২৪ত পৰাস্ত কৰিব বিজেপিক? নতুন সূত্ৰ দিলে অখিলেশ সিং যাদৱে…

মমতা বেনাৰ্জীয়ে এটাৰ বিপৰীতে এটা সূত্ৰ দিছিল। সমগ্ৰ দেশতে সেই সূত্ৰ কাৰ্যকৰী কৰিব পৰা নাই বিৰোধীয়ে। সেই প্ৰচেষ্টা ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চলি আছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বিজেপিক পৰাস্ত কৰাৰ নতুন সূত্ৰ দিলে। উত্তৰ প্ৰদেশৰ ৮০খন আসনত বিজেপি দখল কৰিব বিচাৰিছে অখিলেশে। সেই উদ্দেশ্যে তেওঁ এটা নতুন সূত্ৰ সৃষ্টি কৰিছে। অখিলেশে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পিডিএই বিজেপি নেতৃত্বাধীন এনডিএক পৰাস্ত কৰিব। এই পিডিএ কি? অখিলেশৰ সূত্ৰ অনুসৰি পিডিএ হৈছে পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘুৰ মিত্ৰতা। অৰ্থাৎ এছ পিৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে অ’বিচি, দলিত আৰু সংখ্যালঘুৰ মিত্ৰতা গঢ়ি তুলিব বিচাৰিছে। উত্তৰ প্ৰদেশৰ ৭৫…
Read More
পানীৰ সলনি ভুলবশতঃ পান স্পিৰিট! হাস্পতালত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য

পানীৰ সলনি ভুলবশতঃ পান স্পিৰিট! হাস্পতালত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য

বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা এগৰাকী ৯ বছৰীয়া কিশোৰীক ভুলবশতঃ পানীৰ সলনি স্পিৰিট খুওৱাৰ ফলত মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীৰ পৰিয়ালে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে হাস্পতাল কৰ্তৃপক্ষই পৰিয়ালৰ অভিযোগ খণ্ডন কৰিছে। তামিলনাডুৰ মাদুৰাইৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। চিকিৎসালয়ৰ চিকিৎসকে দাবী কৰা মতে, মগজুৰ পৰা তেজ ওলোৱাৰ বাবেই ছোৱালীজনীৰ মৃত্যু হৈছিল। চৰকাৰী চিকিৎসালয়ৰ গাফিলতিৰ অভিযোগে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছোৱালীজনীৰ মাতৃয়ে দাবী কৰে যে চিকিৎসালয়ৰ নাৰ্ছসকলে স্পিৰিটটো তাইৰ বিচনাৰ কাষত এৰি থৈ গৈছিল। যেতিয়া ছোৱালীজনীয়ে পানী বিচাৰিছিল, তেতিয়া তেওঁ তাইক স্পিৰিট দিছিল। ইয়াৰ পিছত…
Read More
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৫ বিদেশী সন্ত্ৰাসবাদী…

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৫ বিদেশী সন্ত্ৰাসবাদী…

কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে অভিযান চলাই নিধন কৰিবলৈ সক্ষম হয় ৫ বিদেশী সন্ত্ৰাসবাদীৰ। জানিব পৰা মতে, শুকুৰবাৰে পুৱাৰে পৰা সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ ঘটে নিৰাপত্তাৰক্ষীৰ। খবৰ অনুসৰি কুপৱাৰাৰ জুমাগাণ্ড অঞ্চলত প্ৰায় দুঘণ্টা ধৰি দুয়োপক্ষৰ মাজত যুঁজ হৈছিল। যি সময়ত ৫ সন্ত্ৰাসবাদী নিহত হয়। কাশ্মীৰ আৰক্ষীৰ মতে আৰু অধিক সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত আছে। তিনিদিন পূৰ্বে কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী। একেটা অঞ্চলতে পুনৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান আৰম্ভ কৰে। শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই অভিযান। আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।…
Read More
অবৈধ বালিৰ সৰবৰাহত বাধা দিবলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু আৰক্ষীৰ…

অবৈধ বালিৰ সৰবৰাহত বাধা দিবলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু আৰক্ষীৰ…

কৰ্ণাটকত অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ গৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল এজন আৰক্ষী কনিষ্টবল। বালি মাফিয়াৰ ট্ৰাকত বাধা দিবলৈ যাওতেই তীব্ৰবেগী ট্ৰাকৰ খু্ন্দাত মৃত্যুক সাৱটি লয় কনিষ্টবলগৰাকীয়ে। ঘটনাটোৱে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰে। কৰ্ণাটকৰ কলাবুৰ্গী জিলাৰ নাৰায়ণপুৰা গাঁৱত বৃহস্পতিবাৰে প্ৰাণ হেৰুৱায় মৌৰ্য নামৰ এজন আৰক্ষী কনিষ্টবলে। জানিব পৰা মতে, নেলোগী থানাৰ কনিষ্টবল মৌৰ্যই একনাৰ চেক প’ষ্টত বালিভৰ্তি ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু অবৈধভাৱে বালি সৰবৰাহ কৰা ট্ৰাকখনৰ চালক সিদ্দানাই মৌৰ্যক মহতিয়াই সেই স্থানৰ পৰা পলায়ন কৰে। অভিযুক্ত সিদ্দানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে লগতে সোধা-পোছাৰ সময়ত সিদ্দানাই নিজৰ অপৰাধ স্বীকাৰ কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ…
Read More
যৌন নিৰ্যাতনৰ অভিযুক্ত বিজেপি সাংসদ ব্ৰিজ ভূষণৰ বিৰুদ্ধে ৰুজু কৰা POCSO আইনৰ গোচৰ বাতিল কৰিবলৈ আদালতত প্ৰতিবেদন দাখিল দিল্লী আৰক্ষীৰ

যৌন নিৰ্যাতনৰ অভিযুক্ত বিজেপি সাংসদ ব্ৰিজ ভূষণৰ বিৰুদ্ধে ৰুজু কৰা POCSO আইনৰ গোচৰ বাতিল কৰিবলৈ আদালতত প্ৰতিবেদন দাখিল দিল্লী আৰক্ষীৰ

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেশ্যনৰ অধ্যক্ষ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ অধীনত দাখিল কৰা গোচৰ বাতিল কৰিবলৈ দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে দিল্লীৰ আদালতত চূড়ান্ত প্রতিবেদন দাখিল কৰে৷ খবৰ অনুসৰি আৰক্ষীয়ে কয় যে সিঙৰ বিৰুদ্ধে এগৰাকী নাবালিকা মহিলা মল্লযুঁজাৰুৱে কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ পোৱা নগ’ল। নাবালিকাগৰাকীয়ে প্ৰথমে সিঙক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল যদিও পিছত তেওঁৰ বক্তব্য সলনি কৰি ডিপ্ৰেছনত থকা বুলি কয় আৰু খঙত গোচৰটো দাখিল কৰে। অভিযোগকাৰী, ভুক্তভোগীৰ পিতৃ আৰু নিজেই ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীৰ প্ৰতিবেদন দাখিল কৰা হৈছে। ৪ জুলাইত এই বিষয়টো অধিক বিবেচনাৰ বাবে উত্থাপন কৰিছে আদালতে। কিন্তু সিঙৰ বিৰুদ্ধে…
Read More
IITৰ অসমৰ ছাত্ৰ ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠন আদালতৰ

IITৰ অসমৰ ছাত্ৰ ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠন আদালতৰ

আই আই টি-খড়গপুৰত ৰহস্যজনক মৃত্যুক সাৱটি লোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে। ফাইজান আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া বিশেষ তদন্তকাৰী দলৰ নেতৃত্বত থাকিব আই পি এছ বিষয়া কে জয়ৰামন। তদুপৰি কলিকতা উচ্চ ন্যায়ালয়ে নতুনকৈ গঠন কৰা এছ আই টিক ফাইজান আহমেদ হত্যাকাণ্ডৰ সন্দেহযুক্ত লোকৰ ওপৰত নিচাযুক্ত দ্ৰব্যৰ পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে। হত্যাকাণ্ডৰ তদন্তত বৰ্তমানৰ তদন্তকাৰী বিষয়া (আই অ’)কো তদন্তৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইফালে কলিকতা উচ্চ ন্যায়ালয়ে ফাইজান আহমেদৰ মৃতদেহ তিনিদিনৰ ভিতৰত সৎকাৰৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে কলিকতা…
Read More