ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

২৮ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ কৰিব আকাচা এয়াৰে

২৮ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ কৰিব আকাচা এয়াৰে

আকাচা এয়াৰে ২৮ মাৰ্চত মুম্বাইৰ পৰা দোহালৈ উৰা মাৰি আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ কৰিব। এয়াৰলাইনটোৱে এক বিবৃতিত কয়-আকাচা এয়াৰে ২৮ মাৰ্চ, ২০২৪ ৰ পৰা সপ্তাহত চাৰিখন পোনপটীয়া বিমান পৰিচালনা কৰিব, মুম্বাইক দোহাৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত কাটাৰ আৰু ভাৰতৰ মাজত বিমান যোগাযোগ বৃদ্ধি পাব। আকাচা এয়াৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিনয় দুবে কয় যে কাটাৰত ইয়াৰ প্ৰৱেশ বিকাশৰ পৰৱৰ্তী পৰ্যায়টো চিহ্নিত কৰে কিয়নো ই দশকটোৰ শেষৰ ফালে বিশ্বৰ শীৰ্ষ ৩০ টা বিমান সেৱাৰ ভিতৰত এটা হোৱাৰ পথত আছে। আগষ্ট ২০২২-ত সেৱা আৰম্ভ কৰা আকাচা এয়াৰে বৰ্তমান ২৩ খন বোয়িং ৭৩৭ মেক্স বিমানত ইয়াৰ বিমান পৰিচালনা কৰে।
Read More
ফিফা ৰেংকিঙৰ ১১৭ তম স্থানত ভাৰত

ফিফা ৰেংকিঙৰ ১১৭ তম স্থানত ভাৰত

ভাৰতীয় ফুটবল দলটোৱে বৃহস্পতিবাৰে ফিফা ৰেংকিঙত ১৫ টা স্থান অৱনমিত হৈ ১১৭ তম স্থানত উপনীত হৈছে। শেহতীয়া এএফচি এছিয়ান কাপত হতাশাজনক প্ৰদৰ্শনৰ পিছত সাত বছৰত ভিতৰত আটাইতকৈ বেয়া ৰেংকিং লাভ কৰিছে ভাৰতে। ভাৰতে এএফচি এছিয়ান কাপত তেওঁলোকৰ তিনিওখন গ্ৰুপ মেচ হেৰুৱাইছিল। ২০১৭ চনৰ জানুৱাৰীত ভাৰতৰ ১২৯ ৰ ৰেংকিঙৰ পিছত এইটো আটাইতকৈ বেয়া ৰেংকিং। অৱশ্যে, এতিয়ালৈকে দেশৰ আটাইতকৈ বেয়া ৰেংকিং আছিল ২০১৫ চনত ১৭৩। পূৰ্বৱৰ্তী ফিফা ৰেংকিংত, ভাৰতীয় দলটো ১০২ তম স্থানত আছিল, যিটো ২১ ডিচেম্বৰ ২০২৩ত জাৰী কৰা হৈছিল। ভাৰতে পূৰ্বৱৰ্তী ৰেংকিঙৰ পৰা ৩৫.৬৩ ৰেটিং পইণ্ট হেৰুৱাইছিল। এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ ৰেংকিং ২২। প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ অধীনত ভাৰতে কোনো পইণ্ট…
Read More
৯২ বছৰৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল নিউজিলেণ্ডৰ

৯২ বছৰৰ পিছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল নিউজিলেণ্ডৰ

নিউজিলেণ্ডে শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হেমিল্টন টেষ্টত ৭ উইকেটত জয়লাভ কৰে। এই খেলখনৰ সৈতে, দুখন খেলৰ টেষ্ট শৃংখলাও নিউজিলেণ্ড দলটোৱে দখল কৰে। ক্ৰিকেট ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে যেতিয়া কিৱি দলে টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে। প্ৰথম টেষ্ট শৃংখলাটো ১৯৩২ চনত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা হৈছিল। তাৰ পিছত দক্ষিণ আফ্ৰিকাই দুখন খেলৰ টেষ্ট শৃংখলা ২-০ত জিকিছিল। তেতিয়াৰ পৰা, যোৱা ৯২ বছৰত, নিউজিলেণ্ডে এটাও টেষ্ট শৃংখলা জিকিব পৰা নাই। এতিয়া প্ৰথমবাৰৰ বাবে কিৱি দলটো জিকিছে। নিউজিলেণ্ডৰ এই ঐতিহাসিক জয়ত বেটিংত কেন উইলিয়ামছন আৰু বলিংত উইলিয়াম অ'ৰাউৰকে আটাইতকৈ বেছি অৱদান আগবঢ়ায়। কেন উইলিয়ামছনে এই দুখন টেষ্ট মেচৰ ৪ টা…
Read More
ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন জোৱানক মুক্তি কাটাৰৰ

ভাৰতীয় নৌসেনাৰ ৮জন প্ৰাক্তন জোৱানক মুক্তি কাটাৰৰ

কাটাৰে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন জোৱানক মুক্তি দিছে, যাক প্ৰায় চাৰে তিনি মাহ পূৰ্বে সন্দেহজনক চোৰাংচোৱা গোচৰত মৃত্যুদণ্ড দিয়া হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে মুক্তি দিয়া আঠজন ভাৰতীয়ৰ ভিতৰত সাতজন ভাৰতলৈ উভতি আহিছে। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰত চৰকাৰে কাটাৰত আটক কৰা দাহৰা গ্লোবেল কোম্পানীৰ বাবে কাম কৰা আঠজন ভাৰতীয় নাগৰিকৰ মুক্তিক আদৰণি জনাইছে। মন্ত্ৰালয়ে এক চমু বিবৃতিত কয় যে মুক্তি প্ৰাপ্ত আঠজন ভাৰতীয়ৰ ভিতৰত সাতজন ভাৰতলৈ উভতি আহিছে। আমি কাটাৰৰ আমীৰৰ সিদ্ধান্তক প্ৰশংসা কৰোঁ। প্ৰাক্তন নৌসেনা কৰ্মীসকলক ২৬ অক্টোবৰত কাটাৰী আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছিল।
Read More
শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ ইউপিআই সেৱা

শ্ৰীলংকা আৰু মৰিচাছত আৰম্ভ ইউপিআই সেৱা

শ্ৰীলংকা আৰু মৰিচাছত সোমবাৰৰ পৰা ভাৰতৰ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) সেৱা আৰম্ভ কৰা হয়। এই সেৱা আৰম্ভ কৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথেও অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰে। শ্ৰীলংকা আৰু মৰিচাছত ভাৰতীয় সেৱাৰ আৰম্ভণি দুয়োখন দেশৰ সৈতে ভাৰতৰ বৰ্ধিত দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কৰ পটভূমিত সম্ভৱপৰ হৈ উঠিছে। এতিয়া শ্ৰীলংকা আৰু মৰিচাছ ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকৰ লগতে ভাৰত ভ্ৰমণ কৰা এই দেশসমূহৰ নাগৰিকসকলৰ বাবে ইউপিআই সেৱা উপলব্ধ হ'ব।
Read More
মৰ্মান্তিক! জোৰণৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৬ সদস্যৰ

মৰ্মান্তিক! জোৰণৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৬ সদস্যৰ

দেওবাৰে নিশা দি থকা বৰষুণৰ মাজতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কানপুৰত মৃত্যুক সাৱটি লয় ৬ জন লোকে। কানপুৰ ডেহাটৰ চিকন্দৰ থানা এলেকাৰ জগন্নাথপুৰ গাঁৱৰ সমীপৰ এটা অন্ধকাৰ পথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ পথৰ নলাত বাগৰি পৰে। এই দুৰ্ঘটনাত বিএছএফৰ এজন পৰিদৰ্শক, এগৰাকী হোমগাৰ্ড, দুগৰাকী ভগ্নীকে ধৰি ছয়জন লোকৰ মৃত্যু হয়। গাড়ীখনত থকা আটাইকেইজন লোকে জোৰণ অনুষ্ঠানত অংশ লৈ ভিন্দৰ পৰা মুৰা ডেৰাপুৰলৈ উভতি আহিছিল। দুৰ্ঘটনাৰ সময়ত গাড়ীৰ পৰা গ্লাছ ভাঙি দুটি শিশু ওলাই আহিছিল, যাৰ ফলত তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰে। ডেৰাপুৰ থানা এলেকাৰ মুৰা নিবাসী পংকজ শৰ্মাৰ কন্যা সুগম শৰ্মাৰ জোৰণ লৈ দেওবাৰে মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ বদাপুৰা…
Read More
মমতা বেনাৰ্জী এতিয়াও ইণ্ডিয়া মিত্ৰজোঁটৰ অংশঃ বাৰ্তা ৰাহুল গান্ধীৰ

মমতা বেনাৰ্জী এতিয়াও ইণ্ডিয়া মিত্ৰজোঁটৰ অংশঃ বাৰ্তা ৰাহুল গান্ধীৰ

এতিয়া বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ অংশ মমতা বেনাৰ্জী। ৰাহুল গান্ধীৰ মন্তব্যই পুনৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। আকৌ এবাৰ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰিলে মমতাক লৈ মিত্ৰতাৰ বাৰ্তা। তেওঁ কোৱা শুনা যায় যে মমতা এতিয়াও ইণ্ডিয়া মিত্ৰতাৰ এক উল্লেখযোগ্য অংশ। ৰাহুলে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ''মমতা ইণ্ডিয়া এক উল্লেখযোগ্য অংশ। বাকী থকা অধিকাংশ সদস্য এতিয়াও মিত্ৰজোঁটৰ অংশ। মিত্ৰতা ত্যাগ কৰি বিজেপিত যোগদান কৰিছে নীতিশ কুমাৰে। তেওঁ কিয় মিত্ৰতা এৰিলে সেয়া বুজিব পাৰিব। তেওঁ ঠিকেই আছে আমি বিহাৰতো সৰ্বভাৰতীয় মিত্ৰতা হিচাপে যুঁজিম গতিকে মই এই কথাত একমত নহয় যে আমাৰ বহু অংশীদাৰ এতিয়া মিত্ৰতাৰ অংশ নহয়।" মন কৰিবলগীয়া…
Read More
সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই-তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান

সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই-তৈবাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জোৱান

জম্মু-কাশ্মীৰৰ কুপৱাৰাত চলি থকা লস্কৰ-ই-তৈবা মডিউলৰ এজন সক্ৰিয় সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ। নতুন দিল্লী ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই সন্ত্ৰাসবাদীজনক। অভিযুক্তজন এজন অৱসৰপ্ৰাপ্ত জোৱান। অভিযুক্তৰ নাম ৰিয়াজ আহমেদ ৰাথেৰ। দিল্লী ৰেলৱে আৰক্ষীৰ মতে, সমগ্ৰ এল অ’ চিৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ লাভ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰিয়াজে এল অ’ চিৰ সিপাৰৰ পৰা এজন হেণ্ডলাৰৰ জৰিয়তে এল অ’ চিলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ প্ৰেৰণ কৰিছিল আৰু খুৰছিদ আহমেদ ৰাথেৰ আৰু গুলাম সৰৱাৰ ৰাথেৰৰ সৈতে সন্ত্ৰাসবাদী ষড়যন্ত্ৰ ৰচনা কৰাত জড়িত আছিল। ডিচিপি ৰেলৱে কেপিএছ মালহোত্ৰাৰ মতে, জম্মু-কাশ্মীৰৰ তদন্তকাৰী সংস্থাসমূহৰ পৰা বিশেষ তথ্য লাভ কৰা হৈছে যে সদ্য গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী মডিউল…
Read More
নিজৰ সপোন পূৰণ কৰিবলৈ স্বামীৰ ওপৰত অতিৰিক্ত চাপ দিয়াটোও মানসিক নিৰ্যাতনঃ উচ্চ ন্যায়ালয়

নিজৰ সপোন পূৰণ কৰিবলৈ স্বামীৰ ওপৰত অতিৰিক্ত চাপ দিয়াটোও মানসিক নিৰ্যাতনঃ উচ্চ ন্যায়ালয়

নিজৰ সপোন পূৰণৰ বাবে স্বামীক জোৰ কৰি আৰ্থিক সামৰ্থ্যৰ বাহিৰলৈ যাবলৈ বাধ্য কৰাটো আচলতে এক মানসিক নিৰ্যাতন। এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত এই মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে কয় যে স্বামীৰ আৰ্থিক সামৰ্থ্যক গুৰুত্ব নিদিয়াকৈ অহৰহ মূল্যৱান বস্তু বিচৰা আৰু আৰ্থিক সামৰ্থ্যৰ কথা সোঁৱৰাই দিয়াটোৱে ঘৰখনত অস্থিৰতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত স্বামীৰ মানসিক চাপ বাঢ়ে। কোনো বিবাহত এইটো কেতিয়াও বাঞ্ছনীয় নহয়। ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ নেতৃত্বত গঠিত বিভাগীয় বিচাৰপীঠে পত্নীৰ স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতাৰ উদাহৰণ দি দম্পতীহালৰ বিবাহ বিচ্ছেদক ​​সমৰ্থন কৰে। ইয়াৰ পূৰ্বে নিম্ন আদালতে দম্পতীহালক বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল। এই…
Read More
ৰাম মন্দিৰক লৈ আপত্তিজনক মন্তব্য! কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ কন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল

ৰাম মন্দিৰক লৈ আপত্তিজনক মন্তব্য! কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ কন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ বিতৰ্কিত মন্তব্যই প্ৰায়ে চৰ্চা লাভ কৰি আহিছে দেশৰ ৰাজনীতিত। কিন্তু এইবাৰ মণিশংকৰ আয়াৰ নহয়, এইবাৰ বিতৰ্কত সোমাই পৰিছে তেওঁৰ কন্যাহে। শেহতীয়াকৈ মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা আয়াৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ‘আপত্তিজনক বক্তব্য’ পোষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপি নেতা অজয় ​​আগৰৱালে ২০ জানুৱাৰীত বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে। সুৰন্যা আয়াৰে ২০ জানুৱাৰীত পোষ্ট কৰা ৩৬ মিনিটৰ ভিডিঅ’ ক্লিপৰ লিংকটোও শ্বেয়াৰ কৰে। আগৰৱালাই ৩ ফেব্ৰুৱাৰীত দিল্লী চাইবাৰ ক্ৰাইম শাখাত সুৰন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। য’ত তেওঁ কয় যে সুৰন্যা আয়াৰে…
Read More