ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰা উদয়ানিধি ষ্টেলিনক চমন আদালতৰ

সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰা উদয়ানিধি ষ্টেলিনক চমন আদালতৰ

যোৱা বছৰ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ বিপদ বৃদ্ধি পাইছে। উদয়ানিধিৰ বিৰুদ্ধে বেংগালুৰু আদালতে চমন জাৰি কৰিছে। ৪ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে। উল্লেখ্য যে পৰমেশ নামৰ স্থানীয় জনপ্ৰতিনিধি এজনে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। পৰমেশৰ অভিযোগ সন্দৰ্ভত বেংগালুৰু আদালতে তেওঁক চমন জাৰি কৰিছে। প্ৰণিধানযোগ্য যে, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই সনাতন ধৰ্মক লৈ বিতৰ্কিত বক্তব্য দিছিল। তেওঁ সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ লগত তুলনা কৰিছিল। এই সন্দৰ্ভত যোৱা বছৰ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই অনুষ্ঠানৰ আয়োজন কৰা ব্যক্তিজনকো বেংগালুৰু আদালতে চমন জাৰি কৰিছে। দৰাচলতে যোৱা বছৰ তামিলনাডুত আয়োজিত…
Read More
ৰাজনৈতিক দলতকৈ সেনাৰ ওপৰত অধিক বিশ্বাস পাকিস্তান নাগৰিকৰ

ৰাজনৈতিক দলতকৈ সেনাৰ ওপৰত অধিক বিশ্বাস পাকিস্তান নাগৰিকৰ

৮ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত সাধাৰণ নিৰ্বাচন আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কৰা এক জৰীপত, পাকিস্তান সেনাক ৭৪ শতাংশ অনুমোদন ৰেটিং পইণ্টৰ সৈতে দেশৰ আটাইতকৈ বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে প্ৰথম স্থান দিয়া হৈছে। শুকুৰবাৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগ আঠটা আটাইতকৈ বিশ্বাসী প্ৰতিষ্ঠানৰ তলত আছে। ২০১৫  চনত, পাকিস্তান সেনাৰ এক বিশ্বস্ত প্ৰতিষ্ঠান হিচাপে ৭৫ শতাংশ ৰেটিং পইণ্ট আছিল। ৮ বছৰত পৰিস্থিতি সলনি হৈছে আৰু সেনাৰ ওপৰত আস্থা ১ ৰেটিং পইণ্টেৰে হেৰুৱাইছে। অৱশ্যে, ই বিশেষ প্ৰভাৱ পেলাব নোৱাৰে, কিয়নো এতিয়াও পাকিস্তানী সেনাৰ ওপৰত মানুহৰ অধিক বিশ্বাস আছে। পাকিস্তান সেনাৰ পিছত পাকিস্তানৰ দ্বিতীয় আটাইতকৈ বিশ্বাসী প্ৰতিষ্ঠান হৈছে উচ্চতম ন্যায়ালয়। উচ্চতম…
Read More
ইৰাক আৰু চিৰিয়াত আক্ৰমণ আমেৰিকাৰ

ইৰাক আৰু চিৰিয়াত আক্ৰমণ আমেৰিকাৰ

আমেৰিকাই জৰ্ডানত তেওঁলোকৰ সেনাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰাক আৰু চিৰিয়াত ইৰাণ সমৰ্থিত মিলিছিয়া আৰু ইৰানী ৰিভলিউচনৰী গাৰ্ডছৰ কেইবাটাও ঠিকনাত আক্ৰমণ কৰে। এই আক্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অন্যান্য শীৰ্ষ আমেৰিকান নেতাসকলে কেইবাদিনো ধৰি সতৰ্ক কৰি আহিছে যে আমেৰিকাই মিলিছিয়া গোটৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব। শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই এই আক্ৰমণ সংঘটিত কৰাৰ পিছত বাইডেনে এক বিবৃতিত কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰই মধ্যপ্ৰাচ্য বা পৃথিৱীৰ আন কোনো ঠাইত সংঘৰ্ষ বিচৰা নাই, কিন্তু যিসকলে আমাক ক্ষতি কৰিব বিচাৰে, তেওঁলোকে এইটো জনাব: যদি আপুনি কোনো আমেৰিকানৰ ক্ষতি কৰে, আমি ইয়াৰ উচিত শিক্ষা দিম।"
Read More
ভাড়াতীয়া দম্পতীৰ কোঠাত গোপনে স্থাপন পেন কেমেৰা! যুৱতীৰ গোপন দৃশ্য বন্দী কৰি গ্ৰেপ্তাৰ ভাৱী চিকিৎসক

ভাড়াতীয়া দম্পতীৰ কোঠাত গোপনে স্থাপন পেন কেমেৰা! যুৱতীৰ গোপন দৃশ্য বন্দী কৰি গ্ৰেপ্তাৰ ভাৱী চিকিৎসক

ভাড়াতীয়া দম্পতীৰ কোঠাত গোপন কেমেৰা লগাই মহিলাৰ ব্যক্তিগত মুহূৰ্ত ৰেকৰ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চেন্নাইত। জানিব পৰা মতে, চেন্নাই দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ইব্ৰাহিমৰ ঘৰত প্ৰায় এবছৰৰ পৰা ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল এহাল পতি-পত্নীয়ে। ৩০ জানুৱাৰীত কম বয়সীয়া মহিলাগৰাকীয়ে নিজৰ বেডৰুমত ৰখা এটা কলমৰ পৰা এক অনুজ্জ্বল পোহৰ কোঠাত বিয়পি পৰা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে তেওঁ স্বামীক এই বিষয়ে কোৱাত স্বামীয়ে পেনটো খুলি চাই নিশ্চিত হয় যে সেইটো আচলতে এটা পেন কেমেৰা, য’ত বন্দী হৈছিল মহিলাগৰাকীৰ কাপোৰ সলোৱাকে ধৰি তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ বহু দৃশ্য। ইয়াৰ পিছতে দম্পতীহালে এই সন্দৰ্ভত ইব্ৰাহিমৰ…
Read More
লক্ষ্য ’২৪ৰ নিৰ্বাচন! কোনে কি পালে অন্তৱৰ্তীকালীন বাজেটত?

লক্ষ্য ’২৪ৰ নিৰ্বাচন! কোনে কি পালে অন্তৱৰ্তীকালীন বাজেটত?

''মোদী চৰকাৰৰ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিছে আৰু উন্নয়নৰ ফল জনতাই প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ যে আমাৰ চৰকাৰখনে নিজৰ অসাধাৰণ কৰ্ম দক্ষতাৰে জনতাক অধিক সেৱা প্ৰদান কৰিব পাৰিব।’’ বৃহস্পতিবাৰে সংসদৰ বাজেট অধিৱেশনত এইদৰেই ভাষণৰ আৰম্ভণি কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। প্ৰায় এক ঘণ্টাৰ বাজেট ভাষণত মোদী চৰকাৰৰ বিগত ১০ বছৰৰ সাফল্যৰ ৰূপৰেখা দাঙি ধৰি সীতাৰমণে কয়, ''আগন্তুক ২৫ বছৰ আমাৰ বাবে কৰ্তব্যৰ সময়।’’ সংসদত বৃহস্পতিবাৰে দাখিল কৰা বাজেটৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আগন্তুক পাঁচ বছৰত দেশ অভূতপূৰ্ব বিকাশৰ সাক্ষী হ’ব। সংসদত একেৰাহে ষষ্ঠবাৰৰ…
Read More
আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন, আদৰণিৰ অভিভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন, আদৰণিৰ অভিভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…

বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট অধিৱেশনৰ আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ পৰা চন্দ্ৰযানৰ সফলতালৈকে বিষয়সমূহ উত্থাপন কৰে। ইয়াৰ উপৰিও ৰাম মন্দিৰক লৈও আনন্দ ব্যক্ত কৰে ৰাষ্ট্ৰপতিয়ে। তেওঁ কয়, “যুগ যুগ ধৰি অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰাইজে অপেক্ষা কৰি আহিছে। সেই সপোন বাস্তৱায়িত হৈছে। জম্মু-কাশ্মীৰৰ পৰাও ৰাইজে বিচাৰিছিল ৩৭০ অনুচ্ছেদৰ অন্ত পৰক। আজি ৩৭০ ইতিহাস।” তিনি তালাক প্ৰথা বিলুপ্ত কৰাৰ ক্ষেত্ৰতো মুৰ্মুৱে উৎসাহ প্ৰকাশ কৰে। ইফালে, ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ কথা কোৱাৰ উপৰিও দ্ৰৌপদী মুৰ্মুৱে কয় যে দেশৰ পৰ্য্যটনৰ ক্ষেত্ৰত ক্ৰমান্বয়ে উন্নতি হৈছে। পৰ্যটক আন্দামান আৰু লক্ষদ্বীপলৈ যাবলৈ…
Read More
এইবাৰেই শেষ, দেশত আৰু অনুষ্ঠিত নহয় নিৰ্বাচন! মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্য

এইবাৰেই শেষ, দেশত আৰু অনুষ্ঠিত নহয় নিৰ্বাচন! মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্য

এইবাৰেই শেষ! ইয়াৰ পিছত আৰু ভাৰতত অনুষ্ঠিত নহয় নিৰ্বাচন। এই দাবীৰে দেশৰ জনতাক এক বিশেষ আহ্বান জনাইছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ওড়িশাত দলীয় নেতা-কৰ্মীক সম্বোধন কৰি প্ৰদান কৰা ভাষণত দিল্লীৰ শাসকীয় নৰেন্দ্ৰ মোদী চৰকাৰক কঠোৰ সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে এইবাৰেই দেশত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশবাসীয়ে এইবাৰেই শেষবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও তুলনা কৰে। ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ইণ্ডিয়াক বিশ্বাসঘাতকতা কৰি এন ডি এত চামিল হোৱাক লৈও ক্ষোভ জাহিৰ কৰি খাৰ্গেয়ে কয়, ''পৰহি আমাৰ এজন নেতাক লৈ গ’ল, এজন এজন নেতাক চমন দিয়া…
Read More
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু

মঙলবাৰে ৰাজস্থানৰ আলৱাৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় প্ৰাক্তন কংগ্ৰেছ সাংসদ মানৱেন্দ্ৰ সিং জাছলৰ পত্নীৰ। আৰক্ষী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখনত সিং আৰু তেওঁৰ পুত্ৰও আহত হৈছে। বিজেপিৰ নেতা প্ৰয়াত যশৱন্ত সিঙৰ পুত্ৰ মানৱেন্দ্ৰ সিঙে ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বাৰমেৰৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিজেপি এৰি ২০১৮ চনত কংগ্ৰেছত যোগদান কৰিছিল। আৰক্ষী বিষয়াসকলে জনোৱা মতে, খুছপুৰী গাঁৱৰ সমীপত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰাক্তন সাংসদগৰাকীৰ পত্নী চিত্ৰা সিং নিহত হয়। দুৰ্ঘটনাত আহত মানৱেন্দ্ৰ সিং, তেওঁৰ পুত্ৰ সোলংকি সিং আৰু গাড়ীখনৰ চালক বৰ্তমান আলৱাৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকে দিল্লীৰ পৰা জয়পুৰ অভিমুখে গৈ…
Read More
ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

ঝাৰখণ্ডত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব। মুখ্যমন্ত্ৰী চোৰেনক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি আশংকাৰ মাজতে তেওঁৰ পত্নী কল্পনা চোৰেন মুখ্যমন্ত্ৰী হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনক এতিয়ালৈকে ইডিয়ে ১০ বাৰ চমন জাৰি কৰিছে। ইটোৰ পিছত সিটোকৈ চমন জাৰি হৈ থাকিল যদিও এতিয়ালৈকে চোৰেন আৰু ইডিয়ে এবাৰহে মুখামুখি সম্ভৱ হৈছিল। আজি দ্বিতীয়বাৰৰ বাবে চোৰেনে ইডিৰ আগত হাজিৰ হ’ব। শেহতীয়াকৈ হেমন্ত চোৰেন নিৰুদ্দেশ হোৱাৰো খবৰ প্ৰকাশ পাইছিল। পিছত পোহৰলৈ আহিল যে তেওঁ কিছু ব্যক্তিগত কামৰ বাবে পথেৰে ১৩০০ কিলোমিটাৰ যাত্ৰা কৰি দিল্লীলৈ গৈছিল। কালি…
Read More
RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ

RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ

কেৰালাৰ আদালতে নিষিদ্ধ সংগঠন পিএফআইৰ ১৫জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। স্থানীয় আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অপৰাধত ১৫ জন লোকক শাস্তি প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰঞ্জিতৰ ঘৰতে হত্যা কৰা হৈছিল। ঘৰলৈ উভতি অহাৰ পথত ভাৰতীয় ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা কে এছ শ্বানক অচিনাকি দুষ্কৃতিকাৰীয়ে হত্যা কৰে। ইয়াৰ পিছত কেৰালাৰ স্থানীয় ৰাজনীতি উত্তপ্ত হৈ পৰে। শ্বানৰ মৃত্যুৰ কিছু ঘণ্টাৰ ভিতৰতে পিএফআই আৰু এছডিপিআইৰ সদস্যই ৰঞ্জিতৰ ঘৰত আক্ৰমণ চলায়। কেৰালা বিজেপি অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি তথা আৰএছএছ নেতাৰ ঘৰত আক্ৰমণকাৰীয়ে প্ৰৱেশ কৰি সমগ্ৰ পৰিয়ালটোক হাৰাশাস্তি কৰে। মাতৃ, পত্নী আৰু সন্তানৰ সন্মুখত ৰঞ্জিতক নিৰ্মমভাৱে…
Read More