04
Feb
কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰৰ বিতৰ্কিত মন্তব্যই প্ৰায়ে চৰ্চা লাভ কৰি আহিছে দেশৰ ৰাজনীতিত। কিন্তু এইবাৰ মণিশংকৰ আয়াৰ নহয়, এইবাৰ বিতৰ্কত সোমাই পৰিছে তেওঁৰ কন্যাহে। শেহতীয়াকৈ মণি শংকৰ আয়াৰৰ কন্যা সুৰন্যা আয়াৰৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ‘আপত্তিজনক বক্তব্য’ পোষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা বিজেপি নেতা অজয় আগৰৱালে ২০ জানুৱাৰীত বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপত্তিজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে। সুৰন্যা আয়াৰে ২০ জানুৱাৰীত পোষ্ট কৰা ৩৬ মিনিটৰ ভিডিঅ’ ক্লিপৰ লিংকটোও শ্বেয়াৰ কৰে। আগৰৱালাই ৩ ফেব্ৰুৱাৰীত দিল্লী চাইবাৰ ক্ৰাইম শাখাত সুৰন্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। য’ত তেওঁ কয় যে সুৰন্যা আয়াৰে…
