27
Aug
পশ্চিম বংগৰ উত্তৰ ২৪ পৰাগনা জিলাৰ দত্তপুকুৰত অবৈধ ফটকা নিৰ্মাণ ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত কেইবাজনো লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী বিষয়াসকলে এই কাণ্ডত হতাহত হোৱা বুলি নিশ্চিত কৰি জানিবলৈ দিয়া মতে, ইতিমধ্যে ফেক্টৰীটোৰ ধ্বংসাৱশেষৰ পৰা ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া আশীষ ঘোষে এএনআইক জনোৱা মতে, এতিয়ালৈকে ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দত্তপুকুৰৰ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিস্ফোৰণত আৰু কেইবাজনো মৃত আৰু আহত হোৱাৰ আশংকা কৰা হৈছে। এই প্ৰতিবেদন দাখিল কৰাৰ সময়লৈকে উদ্ধাৰ অভিযান চলি আছিল। বিষয়াসকলে জনোৱা মতে, আহতসকলক ততাতৈয়াকৈ বৰাছাটৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা…
